মানকাচৰ : চুবুৰীয়া ৰাজ্য মেঘালয়ত প্ৰেমিকাৰ ঘৰৰ সম্মুখত অনশনত বহিছে অসমৰ প্ৰেমিক। প্ৰেমিকাৰ পৰিয়ালৰ অভিযোগত আৰক্ষীয়ে আটক কৰে মানকাচৰৰ প্ৰেমিক গৰাকীক। যিমান দিন জীয়াই থাকিম তাইক মই ভাল পাই থাকিম। তাইক মোৰ লগত বিয়া নিদিয়ালৈ মোৰ আন্দোলন চলি থাকিব বুলি হুংকাৰ প্ৰেমিকৰ।
হাতত প্লেকাৰ্ড লৈ প্ৰেমিক এজনে প্ৰেমিকাৰ ঘৰৰ সম্মুখত আন্দোলনত বহিছে। যুৱ প্ৰেমিকজনৰ প্ৰেম প্ৰেমিকাই প্ৰত্যাখান কৰাৰ বাবে প্ৰেমিকাৰ ঘৰৰ সম্মুখত হাতত প্লেকাৰ্ড লৈ আন্দোলনত বহিছে প্ৰেমিক। প্ৰেমিকৰ হুংকাৰ মোৰ প্ৰেমিকাক মোৰ লগত বিয়া দিয়ক নহ’লে মই মোৰ আন্দোলন চলাই থাকিম। যেতিয়ালৈ বিয়া নিদিব তেতিয়ালৈ মই মোৰ আন্দোলন চলাই যাম বুলিও হুংকাৰ প্ৰেমিকৰ।
এই অদ্ভুত দাবীৰে শনিবাৰে মানকাচৰৰ এজন যুৱক চুবুৰীয়া ৰাজ্য মেঘালয়ৰ মহেন্দ্ৰগঞ্জত আন্দোলন কৰে। মানকাচৰৰ বাপ্পা ঘোষ নামৰ যুৱকজনৰ দাবী বিগত প্ৰায় ৬ মাহ ধৰি মহেন্দ্ৰগঞ্জৰ যুৱতী এজনীৰ সৈতে তেওঁৰ প্ৰেমৰ সম্পৰ্ক হৈছে। প্ৰথমে ঘৰৰ পৰা বিয়া দিয়াৰ কথা আছিল যদিও বৰ্তমান প্ৰেমিকাৰ ঘৰে বিয়া নিদিয়ে বুলি জানিব পাৰি যুৱকজনে এইদৰে প্ৰতিবাদত নামিল।
যুৱকজনৰ প্ৰতিবাদ দেখি এজন-দুজনকৈ ৰাইজৰ যথেষ্ট ভিৰ হয় যুৱকজনৰ প্ৰেমিকাৰ ঘৰৰ সন্মুখত। প্ৰেমিকাৰ ঘৰৰ লোকে যুৱকজনক প্ৰতিবাদৰ পৰা উঠি যাবলৈ কয় যদিও যুৱকজন অমান্তি হয়। অৱশেষত মহেন্দ্ৰগঞ্জ আৰক্ষীয়ে আটক কৰে প্ৰেমিকজনক।