নগাঁও: মধ্য অসমৰ অন্যতম প্ৰকাশন গোষ্ঠী ৰণাংগন প্ৰকাশনে অসমৰ সাহিত্য-সংস্কৃতি তথা সমাজ জীৱনলৈ উল্লেখযোগ্য বৰঙনি আগবঢ়াই অহা বৰেণ্য ব্যক্তিক ‘ৰণাংগন সন্মান’ প্ৰদান কৰি আহিছে।
এই বৰ্ষৰ ‘ৰণাংগন সন্মান’ প্ৰদানৰ বাবে পাঁচজনীয়া নিৰ্বাচক মণ্ডলীয়ে অসমৰ ক্ৰীড়া জগত তথা তৰুণ প্ৰজন্মৰ আদৰ্শস্বৰূপ অলিম্পিকত পদক বিজয়ী বক্সাৰ লাভলীনা বৰগোহাঁইক নিৰ্বাচিত কৰিছে৷
অজুৰ্ন বঁটা, মেজৰ ধ্যান চান্দ খেলৰত্ন বঁটা লাভ কৰাৰ উপৰি শেহতীয়াকৈ আন্তঃৰাষ্ট্ৰীয় বস্কিং এচ’চিয়েচনৰ এথলীট কমিটীৰ অধ্যক্ষ আৰু ভোটিং মেম্বাৰ হিচাপে নিৰ্বাচিত হোৱা লাভলীনা বৰগোহাঁইক এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানত এই সন্মান প্ৰদান কৰা হ’ব বুলি মাহেকীয়া বাৰ্তালোচনী আৰু সাপ্তাহিক বাতৰি কাকত ‘ৰণাংগন’ৰ সম্পাদক মিণ্টু দাস আৰু ৰণাংগন প্ৰকাশনৰ পৰিচালন সম্পাদক সঞ্জীৱ বৰাই জানিবলৈ দিয়ে।
এই ৰণাংগন বঁটাত আছে এটি স্মাৰক, এখন প্ৰশস্তি পত্ৰ, শৰাই, অংগবস্ত্ৰ আৰু ১০ হাজাৰ টকাৰ মাননি।
লগতে পঢ়ক – বিশ্ব পৰিৱেশ দিৱসত জামুগুৰিহাটত বিধায়ক পদ্ম হাজৰিকাৰ গছপুলি ৰোপন