কমাৰগাঁও, চন্দন বৰা: মিচিং স্বায়ত্ত শাসিত পৰিষদ চমুকৈ এম এ চিয়ে শিক্ষাখণ্ডৰ উন্নয়নৰ কাৰণে লৈছে যুগান্তকাৰী পদক্ষেপ। প্ৰতিটো বিত্তীয় বৰ্ষৰ আবণ্টন মুঠ ধনৰ পৰা ২০ শতাংশৰো অধিক ধন শিক্ষা বিভাগত খৰছ কৰে এম এ চিয়ে।

এম এ চি এলেকাধীন তথা বৰমুকলি গাঁও পঞ্চায়তৰ অন্তৰ্গত লাখেৰাজ জনজাতি হাইস্কুলৰ নৱনির্মিত ভৱনটো আজি উদ্বোধন কৰি এনেদৰে কয় এম এ চিৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াই।

এম এ চিফ ২০২০-২১ বিত্তীয় বর্ষৰ ২৫ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মিত ভৱনটোক উদ্বোধন কৰি ছাত্র-ছাত্ৰী আৰু অঞ্চলটোৰ শৈক্ষিক উত্তৰণৰ কাৰণে উচৰ্গা কৰা বুলি মন্তব্য কৰে মুখ্য কাৰ্যবাহী সদস্য চায়েঙীয়াই।

যোৰহাট জিলা এম এম কেৰ সভাপতি হৰেন ৰিচং আৰু এম এম কেৰ কেন্দ্ৰীয় সদস্য অতুল মিচঙে আঁত ধৰা উদ্বোধনী অনুষ্ঠানৰ আদৰণি ভাষণত কাৰ্যবাহী সদস্য পুৰুষোত্তম দলেহে কয় যে মিচিং স্বায়ত্ত পৰিষদে আধাৰশিলাৰ ৰাজনীতি নকৰে, এম এ চিৰ কোনো কাম আধৰুৱা হৈ থকা নাই।

অনুষ্ঠানত বগামূল পেগু, ছাত্ৰ একতা সভাৰ কানুন জ্যোতি পেগু আৰু গৰুমৰা হাইস্কুলৰ প্ৰধান দেৱজিত পাত্ৰই ভাষণ প্ৰদান কৰে। ইয়াৰ পাছতে একেটা মঞ্চত দেৱৰাম কামানৰ সঞ্চালনাত ১০ গৰাকী প্ৰগতিশীল খেতিয়কক সম্বৰ্ধনা জনোৱাৰ লগতে মতবিনিময় কৰে এম এ চিৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াই।

আনহাতে এম এ চিৰ তৰফৰ পৰা কাঁন চলচিত্ৰ মহোৎসৱত প্ৰদৰ্শিত মিচিং কথাছবি বোম্বা ৰাইডৰ মুখ্য চৰিত্ৰত অভিনয় কৰা শিশু শিল্পী ইন্দ্রজিত পেগুক সম্বৰ্ধনা জনায়।

লগতে পঢ়ক – ৰোহিত শৰ্মাৰ অনুপস্থিতিত ইংলেণ্ডৰ বিৰুদ্ধে পঞ্চমখন টেষ্টত বুমৰাহক দলৰ নেতৃত্ব

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,060 other subscribers

Leave a comment

Leave a Reply