নিউজ ডেস্ক: ‘জেহাদী’ কাৰ্যকলাপ চলি অহাৰ অভিযোগত ৰাজ্যৰ বিভিন্ন ঠাইত শেহতীয়াকৈ বহু মাদ্ৰাছাত উচ্ছেদ অভিযান চলোৱা হৈছে। এনে এখন মাদ্ৰাছাৰে ছাত্ৰ হৈছে গোৱালপাৰা জিলাৰ দাৰোগা আলগা চৰৰ আব্দুল হামিদ। গাঁৱৰ লোকে অলপতে মাদ্ৰাছাখন ভাঙি পেলোৱাৰ পিছত ১০ বছৰীয়া হামিদ আৰু তেওঁৰ সহপাঠীসকলৰ সন্মুখত এতিয়া এক অনিশ্চিত ভৱিষ্যত আহি পৰিছে।

দৰোগৰ আলগা মাজাৰ চৰ নিম্ন প্ৰাথমিক বিদ্যালয়ত পঞ্চম শ্ৰেণীলৈকে প্ৰাথমিক শিক্ষা সম্পূৰ্ণ কৰাৰ পিছত ধৰ্মতত্ত্ব শিকাৰ বাবে হামিদক তেওঁৰ পিতৃয়ে এখন স্থানীয় মাদ্ৰাছাত নামভৰ্তি কৰাই দিয়ে।

‘আমাৰ মাদ্ৰাছাখন কালি ভাঙি দিয়া হৈছিল। কিন্তু প্ৰায় ২০ দিনৰ আগতে আৰক্ষীয়ে আমাৰ শিক্ষকসকলক বিচাৰি অহাৰ কিছু দিন পিছতে তেওঁলোকে পলায়ন কৰিছিল। তেতিয়াৰ পৰা ক্লাছ হোৱা নাই,’ সংবাদ প্ৰতিষ্ঠান পি টি আইক এইদৰে কয় হামিদে।

যোৱা মঙলবাৰে অসম আৰক্ষীয়ে জনোৱা মতে মাদ্ৰাছাখনৰ চৌহদত ‘জেহাদী’ কাৰ্যকলাপ চলি অহাৰ অভিযোগ উত্থাপন কৰি স্থানীয় ৰাইজে মাদ্ৰাছাখনৰ লগতে ইয়াৰ কাষত থকা ঘৰটো ভাঙি পেলাইছিল।

হামিদৰ পিতৃ সোমেশ আলীয়ে কয় যে, মাদ্ৰাছাৰ দুগৰাকী শিক্ষকৰ বিৰুদ্ধে সন্ত্ৰাসবাদীৰে সম্পৰ্ক থকাৰ খবৰ ওলোৱাৰ পিছতে সকলো অভিভাৱকে তেওঁলোকৰ সন্তানক ঘৰলৈ লৈ আনে।

“মোৰ ল’ৰাটো পঢ়া-শুনাত যথেষ্ট ভাল আছিল। আনকি স্কুলত পঢ়ি থকাৰ দিনতে সি বেটাৰী লগোৱা এখন সৰু মেচিন নাওও বনাইছিল। প্ৰায় চাৰি মাহ পূৰ্বে মই তাক মাদ্ৰাছাত নামভৰ্তি কৰাই দিছিলো,’-আলীয়ে কয়।

পঢ়া-শুনাত ভাল বিশেষকৈ বিজ্ঞানৰ প্ৰতি ধাউতি থকাৰ পিছতো হামিদক এখন সাধাৰণ বিদ্যালয়ৰ পৰিৱৰ্তে কিয় ধৰ্মীয় শিক্ষানুষ্ঠানত নামভৰ্তি কৰাইছিল বুলি সোধাত তেওঁ কয় যে গাঁওখনত এখনো হাইস্কুল নাই।

“তদুপৰি সি যদি এদিন ইমাম হৈ উঠে তেতিয়া কিবা এটা উপাৰ্জন কৰি নিজকে খুৱাব পাৰিব,” আলীয়ে লগতে কয়।

হামিদে পঢ়া মাদ্ৰাছাখনত প্ৰায় ২০ জন ছাত্ৰ-ছাত্ৰী আছিল। মাদ্ৰাছাখনৰ চৌহদত এটা মছজিদো আছে, অৱশ্যে মছজিদটোত উচ্ছেদ চলোৱা হোৱা নাই।

অভিভাৱকসকলে সন্তানক সাধাৰণ বিদ্যালয়ৰ পৰা আঁতৰাই কিয় মাদ্ৰাছাত নামভৰ্তি কৰে বুলি সোধাত দাৰোগৰ আলগা মাজাৰ চৰ নিম্ন প্ৰাথমিক বিদ্যালয়ৰ একমাত্ৰ শিক্ষক হাবিবুৰ ৰহমানে কয় যে ইয়াৰ একাধিক কাৰণ থাকিব পাৰে।

“মাদ্ৰাছাত ছাত্ৰ-ছাত্ৰীসকলৰ থকা-খোৱাৰ দায়িত্ব লোৱা হয়, দৰিদ্ৰ অভিভাৱকসকলকৰ বাবে এইটো এটা ডাঙৰ সকাহ। অৱশ্যে এইটোৱে একমাত্ৰ কাৰণ বুলি মই নাভাৱো,’ৰহমানে কয়।

এজন ব্যক্তিৰ ‘জানাজা’ পৰিয়ালৰ কোনো সদস্য, বিশেষকৈ পুত্ৰই কৰাটো ইছলাম সম্প্ৰদায়ত যথেষ্ট পবিত্ৰ হিচাপে গণ্য কৰা হয় বুলি ৰহমানে কয়।

তেওঁ লগতে কয়, ‘’কম শিক্ষিত মুছলমান পৰিয়ালৰ মাজত সাধাৰণ বিদ্যালয়ৰ পৰিৱৰ্তে নিজৰ সন্তানক মাদ্ৰাছালৈ পঠোৱাৰ এইটো এটা অন্যতম মূল কাৰণ। প্ৰথম আৰু তৃতীয় শ্ৰেণীৰ দুজন ছাত্ৰই মোৰ বিদ্যালয় এৰি মাদ্ৰাছাত নামভৰ্তি কৰিছিল।‘’

গাঁওখনৰ ৬২ বছৰীয়া উজিৰ জামালৰ মতে চৰকাৰী বিদ্যালয়সমূহৰ দুৰ্বল আন্তঃগাঁথনিৰ বাবে অভিভাৱকসকলে নিজৰ সন্তানক মাদ্ৰাছাত নাম লগাবলৈ বাধ্য হৈছে।

“চৰৰ পাঁচখন প্ৰাথমিক বিদ্যালয়ৰ আটাইকেইখনতে প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈকে ছাত্ৰ-ছাত্ৰী আছে যদিও প্ৰতিখনতে মাত্ৰ এজনহে শিক্ষক আছে। এজন শিক্ষকৰ দ্বাৰা পাঁচটা শ্ৰেণীত গুণগত শিক্ষা প্ৰদান কৰাটো সম্ভৱনে?” জামালে প্ৰশ্ন কৰে।

যোৱা সপ্তাহত অসমৰ আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই গোটেই অসমত প্ৰায় ৩ হাজাৰ পঞ্জীয়নভুক্ত আৰু পঞ্জীয়নবিহীন মাদ্ৰাছা থকা বুলি উল্লেখ কৰি মূলত চাৰিটা মুছলমান সংগঠনে এইসমূহ পৰিচালনা কৰে বুলি কৈছিল।

লগতে পঢ়ক – ৰাজ্যত উৎকোচ লৈ পুনৰ গ্ৰেপ্তাৰ হ’ল দুই চৰকাৰী কৰ্মচাৰী

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,467 other subscribers

Leave a comment

Leave a Reply Cancel reply