গুৱাহাটী: গুৱাহাটীৰ মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়ৰ বিকল্প চিকিৎসালয় হিচাপে ৰাইজক সেৱা আগবঢ়াব পৰাকৈ ধীৰেণপাৰা এফআৰইউৰ লগতে পাণ্ডু এফআৰইউ চিকিৎসালয়ক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ সংলগ্ন চিকিৎসালয় ৰূপে আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰে।

অনুষ্ঠানত স্বাস্থ্য মন্ত্ৰী বিধায়কদ্বয় ৰমেন্দ্ৰ নাৰায়ণ কলিতা আৰু জয়ন্তমল্ল বৰুৱা লগতে স্বাস্থ্য বিভাগৰ প্ৰধানসচিব, আয়ুক্ত-সচিব, এন এইচ এমৰ ৰাজ্যিক অভিযান সঞ্চালক আৰু গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ, জিএমচিএইচৰ অধীক্ষকেও অংশগ্ৰহণ কৰে।

উল্লেখ্য যে, মহানগৰীৰ কালাপাহাৰত দ্বিতীয়খন গুৱাহাটী চিকিৎসা মহাবিদ্যালয় নিৰ্মাণৰ কাম শীঘ্ৰে আৰম্ভ হ’ব। এই দ্বিতীয়খন গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ৫০০খন বিচনাযুক্ত এখন মূল চিকিৎসালয় থকাৰ উপৰি বৰ্তমানৰ এম এম চি চিকিৎসালয়ৰ স্থানতে দ্বিতীয়খন গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ সংলগ্ন ৮০০খন বিচনাযুক্ত এখন নতুন ছুপাৰ স্পেচিয়েলিটী চিকিৎসালয়ো নিৰ্মাণৰ ব্যৱস্থা কৰা হৈছে।

এমএমচি চিকিৎসালয় চৌহদত এই নতুন ছুপাৰ স্পেচিয়েলিটী হস্পিতালখনৰ নিৰ্মাণ কাৰ্য চলি থকাৰ সময়ছোৱাত ৰাইজে ধীৰেণপাৰা আৰু পাণ্ডু এফ আৰ ইউ দুখনে বৰ্তমানৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ সংলগ্ন বিকল্প চিকিৎসালয় ৰূপে ৰাইজলৈ সেৱা অব্যাহত ৰাখিব।

লগতে পঢ়ক : বছৰৰ প্ৰথম দিনটোত কি ক’লে মুখ্যমন্ত্ৰীয়ে

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply