গুৱাহাটী: অৱশেষত মহানগৰীত সংঘটিত ব্যৱসায়ী অৱদেশ যাদৱৰ হত্যাকাণ্ডৰ মূল অভিযুক্ত ডব্লিউ যাদৱ ওৰফে ৰাধিকা ৰমণক মহানগৰ আৰক্ষীয়ে নিজৰ জিম্মাত গ্ৰহণ কৰিছে। বৃহস্পতিবাৰে এ চি পি পৃথ্বীৰাজ ৰাজখোৱাৰ নেতৃত্বত অসম আৰক্ষীৰ এটা তিনিজনীয়া দলে পাটিয়ালা হাউছ ক’ৰ্টৰ নিৰ্দেশত দিল্লী আৰক্ষীৰ পৰা ৰমণক ৪ দিনৰ বাবে নিজৰ জিম্মাত গ্ৰহণ কৰে।

আজি সংবাদমাধ্যমৰ আগত এই কথা সদৰী কৰি আৰক্ষী বিষয়া গৰাকীয়ে ডব্লিউ যাদৱ ওৰফে ৰাধিকা ৰমণক জেৰা চলাই থকা হৈছে বুলি উল্লেখ কৰি শণিবাৰে তেওঁক আদালতত হাজিৰ কৰোৱা হ’ব জনায়।

আৰক্ষী বিষয়া গৰাকীয়ে কয়, ‘’দিল্লী আৰক্ষীৰ সহযোগত চাকেট অঞ্চলত ২৯ আগষ্টত তেওঁক কৰায়ত্ত কৰা হয় আৰু দিল্লী আৰক্ষীয়ে তেওঁৰ পৰা দেশত নিৰ্মিত এটা পিস্তল জব্দ কৰে। আটক হোৱাৰ খবৰ লাভ কৰাৰ পিছত আমাৰ এটা দল দিল্লীত উপস্থিত হৈ পাটিয়ালা ক’ৰ্টৰ পৰা ৪ দিনৰ ট্ৰেনজিট জিম্মাত লওঁ।’’

আৰক্ষী বিষয়া গৰাকীয়ে জনোৱা মতে দুয়োটা পৰিয়ালৰ মাজত দীৰ্ঘদিনীয়া ভুমিকেন্দ্ৰিক সংঘাতৰ চলি আহিছিল। ডব্লিউ যাদৱে আৰক্ষীৰ আগত দিয়া স্বীকাৰোক্তি মতে তেওঁৰ ওপৰত চলিত বৰ্ষৰ আৰম্ভণিত এক গুলীচালনাৰ ঘটনা সংঘটিত হৈছিল।

উক্ত হত্যাকাণ্ড সন্দৰ্ভত এতিয়ালৈকে আৰক্ষীয়ে তিনিজন লোক ক্ৰমে ৰাজেশ কুমাৰ যাদৱ, পংকজ কুমাৰ আৰু মূল অভিযুক্ত ৰাধিকা ৰমণক গ্ৰেপ্তাৰ কৰিছে বুলি আৰক্ষী বিষয়া গৰাকীয়ে জানিব দিয়ে।

উল্লেখযোগ্য যে চলিত বৰ্ষৰ ২১ ফ্ৰেৱৱাৰীত মহানগৰীৰ ছাত্ৰীবাৰীত ব্যৱসায়ী অৱদেশ যাদৱক চুপাৰী কিলাৰৰ সহায়ত গুলীয়াই হত্যা কৰা হৈছিল।

লগতে পঢ়ক – জয়মালাক ঘূৰাই আনিবলৈ তামিলনাডুলৈ যাব অসমৰ পৰা এটি চাৰিজনীয়া দল

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply