কমাৰগাঁও, চন্দন বৰা: গোলাঘাট জিলাৰ খুমটাই আৰক্ষী চকীৰ অন্তৰ্গত বৰফলং চাহ বাগিছাত চুলাই মদ সেৱন কৰাৰ ফলত আজি এজন যুৱকৰ মৃত্যু হোৱাক কেন্দ্ৰ কৰি অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে।

প্ৰাপ্ত তথ্য মতে অত্যাধিক সুৰাপান কৰাৰ ফলতে যুৱকজনে মৃত্যু সাবটিব লগীয়া হয় বুলি সন্দেহ কৰা হৈছে। নিহত যুৱকজনক বৰফলং চাহ বাগিছাৰ তলটেঙা লাইনৰ বাসিন্দা সুৰজিত সবৰ (২৬) বুলি চিনাক্ত কৰা হয়।

আৰক্ষী সূত্ৰই সদৰী কৰা অনুসৰি সোমবাৰে নিশা সুৰজিতে মদ্যপান কৰি ঘৰলৈ আহি থকা অৱস্থাত পকী পথত পৰি আহত হৈছিল। নিশাই পৰিয়ালৰ লোকে আহত সুৰজিতক ঘৰলৈ আনে যদিও আজি পুৱা প্ৰায় ৯ বজাত যুৱকজনৰ মৃত্যু ঘটে।

ইফালে স্থানীয় গাঁওৰক্ষী বাহিনীয়ে আৰক্ষীক সমগ্ৰ ঘটনাৰ বিষয়ে অৱগত কৰাত যুৱকজনৰ বাসগৃহত খুমটাই আৰক্ষীৰ এটি দল উপস্থিত হৈ ঘটনাটোৰ প্ৰাথমিক তদন্ত কৰি মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে গোলাঘাট চহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ পাছতহে মৃত্যুৰ প্ৰকৃত কাৰণ পোহৰলৈ অহাৰ সম্ভাৱনা আছে বুলি সদৰী কৰিছে তদন্তকাৰী আৰক্ষীয়ে।

লগতে পঢ়ক – কংগ্ৰেছৰ পৰা পদত্যাগ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী কুমাৰৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,044 other subscribers

Leave a comment

Leave a Reply