চন্দন বৰা, কমাৰগাঁও: গোলাঘাট জিলাৰ খুমটাইৰ সেন্দুৰীটিং চাহ বাগিচাত ৩ জুনত সংঘটিত লোমহৰ্ষক হত্যাকাণ্ডৰ দোষীক দেওবাৰে নিশা কমাৰগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।
ঘটনাৰ অনুসৰি ৩ জুনৰ নিশা সেন্দুৰীটিং চাহ বাগিচাৰ অফিচ লাইনত বুবাই ভূঞা নামৰ লোকজনে মদ্যপান কৰি অশ্লীল গালি গালাজ পাৰি থকাৰ অৱস্থাত ভতিজাক হৰেণ ভূঞা আহি বৰদেউতাকক এডাল জেওৰা খুটাৰে উপৰ্যুপৰি মাৰধৰ কৰে।
যুৱকজনৰ উপৰ্যুপৰি প্ৰহাৰত বুবাই ভূঞাই মৃত্যুক সাবতি লয়। ইফালে বৰদেউতাকক হত্যা কৰা হৰেণ ভূঞাক গ্ৰেপ্তাৰ কৰিছে কমাৰগাঁও আৰক্ষীয়ে ৷ জানিব পৰা মতে নিজৰ জীয়েকৰ চকুৰ আগতেই হৰেণে লোকজনক মৰিয়াই মৰিয়াই হত্যা কৰিছিল।
সংবাদ মাধ্যমৰ আগত হৰেণ ভূঞাই হত্যাকাণ্ডৰ কথা স্বীকাৰ কৰি গালি গালাজ কৰি থকাৰ বাবে অতিষ্ঠ হৈ বৰদেউটাকক হত্যা কৰা বুলি কয়। ইফালে কমাৰগাঁও আৰক্ষীয়ে যুৱকজনক গ্ৰেপ্তাৰ কৰি জে’ললৈ পৰে কৰিছে।
লগতে পঢ়ক – নাইজেৰিয়াত গীৰ্জাত নিৰ্বিচাৰ গুলীচালনা; কমেও ৫০ জন নিহত