মঙলদৈ: মঙলদৈত আজি দিন দুপৰতে এগৰাকী যুৱতীৰ ওপৰত এজন লোকে ধৰ্ষণৰ অপচেষ্টা চলোৱাক কেন্দ্ৰ কৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। মঙলদৈৰ ব্লক চকৰ বংলাগড় বাগানত সংঘটিত হয় এই ঘটনা।

উক্ত জঘন্য কান্দ সংঘটিত কৰা লোকজনক লুধু গোৱালা বুলি চিনাক্ত কৰা হৈছে।

প্ৰাপ্ত তথ্য মতে, এগৰাকী যুৱতী কামৰ পৰা ঘৰলৈ আহি থকাৰ অৱস্থাত ৪০ বছৰীয়া লোকজনে তেওঁক জংঘললৈ টানি নি ধৰ্ষণ কাৰ্য্য চৰিতাৰ্থ কৰাৰ চেষ্টা চলায়।

নিজক ৰক্ষা কৰিবলৈ যুৱতী গৰাকীয়ে চিঞৰিব লওঁতেই লুধু গোৱালাই তেওঁক ডিঙিত চেপি হত্যা কৰাৰ চেষ্টা চলাই বুলি যুৱতী গৰাকীয়ে অভিযোগ কৰে ।

অৱশ্যে স্থানীয় কেইজনমান লোকৰ চেষ্টাত ৰক্ষা পৰে যুৱতী গৰাকী। ঘটনাৰ খবৰ পোৱাৰ পিছত মঙলদৈ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ গোৱালাক আটক কৰি থানালৈ লৈ আহে।

জানিব পৰা মতে লুধু গোৱালাই আগতেও বহুবাৰ এনে কাণ্ড সংঘটিত কৰি জেললৈ গৈছিল।

লগতে পঢ়ক – অহা ৬ জুনৰ পৰা গুৱাহাটী ক্ৰীড়া সন্থাৰ ফুটবল ছিজন

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,838 other subscribers

Leave a comment

Leave a Reply Cancel reply