খেৰনি : কাৰ্বি আংলং জিলাৰ খেৰনিত বন বিভাগ তথা প্ৰশাসনে বনৰীয়া হাতীৰ উপদ্ৰৱক গুৰুত্ব সহকাৰে গ্ৰহণ কৰাক কেন্দ্ৰ কৰি অঞ্চলটোৰ সাধাৰণ ৰাইজ ক্ষোভিত হৈ পৰিছে।

যোৱা নিশা অঞ্চলটোৰ এজন লোকে হাতীৰ আক্ৰমণত প্ৰাণ হেৰুৱাৰ পিছত আজি খেৰনিৰ বগৰীঘাটত মহিলাকে ধৰি স্থানীয় লোকে বন বিভাগৰ বিৰুদ্ধে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে।

পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ঘটনাস্থলীত খেৰনি আৰক্ষী উপস্থিত হৈছে যদিও উত্তেজিত প্ৰতিবাদকাৰীয়ে বনাঞ্চলিক বিষয়া কাৰ্যালয়ৰ লোহাৰ গেট টেক্টৰেৰে ভাঙি দিয়াৰ উপক্ৰম কৰে।

উল্লেখযোগ্য যে বিগত দিনত বনৰীয়া হাতীৰ উপদ্ৰৱত কেইবাজন মানুহৰ মৃত্যু হোৱাৰ লগতে বনৰীয়া হাতীৰ জাকে ঘৰ-দুৱাৰ ভাঙি কৃষি পথাৰো তহিলং কৰিছে।

বুধবাৰে নিশা হাতীৰ আক্ৰমণত সুৰেশ চৌহানৰ নামৰ এগৰাকী ৮০ বছৰীয়া বৃদ্ধৰ মৃত্যুৰ পিছত খেৰনিৰ স্থানীয় ৰাইজ অধিক উত্তেজিত হৈ পৰে।

লগতে পঢ়ক : নৰৱে’ত ধনু-কাঁড়ে আক্ৰমণ চলাই ৫ জনকৈ লোকক হত্যা

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply