গোলাঘাট: গোলাঘাটৰ আঠখেলীয়া বগৰীচুক গাঁৱত সংঘটিত এক শোকাৱহ দুৰ্ঘটনাত এখন চলি থকা ট্ৰেক্টৰৰ পৰা পৰি এজন লোকে মৃত্যুক সাবটি লয়।

প্ৰাপ্ত তথ্য মতে বুধবাৰে আৱেলি ৪০ বছৰীয়া পাপুল চুতীয়া নামৰ লোকজনে আন দুজন লোকৰ সৈতে ঘৰলৈ আহি থকাৰ সময়তে উক্ত দুৰ্ঘটনাটো সংঘটিত হয়।

ঘটনাৰ পিছতে চুতীয়াক স্থানীয় লোকে ততালিকে সমীপৰ এখন চিকিৎসালয়ত ভৰ্তি কৰাইছিল যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।

পিছত তেওঁৰ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হয়।

আনহাতে দুৰ্ঘটনা সংঘটিত হোৱাৰ লগে লগে ট্ৰেক্টৰখনৰ চালক গৰাকীয়ে ৰাইজৰ ৰোষত পৰাৰ ভয়ত দুৰ্ঘটনাস্থলীৰ পৰা পলায়ন কৰে বুলি জানিব পৰা গৈছে।

ঘটনা সম্পৰ্কত আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে।

লগতে পঢ়ক – স্কুলীয়া শিক্ষাত কেবিনেটৰ সিদ্ধান্তৰ বিৰোধিতাত ৰাইজৰ দলৰ প্ৰতিবাদ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply