গুৱাহাটী : গুৱাহাটী মহানগৰীৰ জি এছ ৰ’ডত থকা এক ব্যৱসায়ীক প্ৰতিষ্ঠানত আজি দিন দুপৰতে এটা মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই যথেষ্ট চাঞ্চল্যৰ সৃষ্টি কৰিছে। এইয়া এক আত্মহত্যাৰ ঘটনা বুলি সন্দেহ কৰা হৈছে।
মহানগৰীৰ ছয়মাইলস্থিত উৰণীয়া সেতুৰ সমীপৰ এটা ব্যৱয়াসীক প্ৰতিষ্ঠানৰ দুই নম্বৰ মহলাত উদ্ধাৰ হয় এজন প্ৰাপ্তবয়স্ক যুৱকৰ মৃতদেহ।
প্ৰত্যক্ষদৰ্শীৰ মতে নিহত লোকজনৰ মৃতদেহটো পথৰ পৰা বিল্ডিংটোৰ দুই নম্বৰ মহলাৰ এটা ৰূমৰ ভিতৰত ওলমি থকা অৱস্থাত দেখা গৈছিল।
খবৰ বিয়পী পৰাৰ পিছতে ঘটনাস্থলীত যথেষ্ট সংখ্যক লোকৰ ভিৰ হোৱাত ৰাস্তাৰ দুয়োফালে ট্ৰেফিক জামৰ সৃষ্টি হোৱা দেখা যায়।
পিছত ঘটনাস্থালীত আৰক্ষীৰ দল উপস্থিত হৈ তদন্ত আৰম্ভ কৰে।
লগতে পঢ়ক : চৰাইদেউ জিলাত ফটোযুক্ত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ