নিউজ ডেস্ক: নগাঁৱত হিন্দুসকলৰ আৰাধ্য ভগৱান শিৱ আৰু দেৱী পাৰ্বতীৰ ৰূপ ধৰি মূল্যবৃদ্ধিৰ প্ৰতিবাদত এখন বাটৰ নাট কৰি আটক হোৱা বিৰিঞ্চি বৰা নামৰ লোকজনক আজি জামিনত মুকলি কৰি দিয়া হয়।
নগাঁৱৰ আৰক্ষী অধীক্ষক লীনা দ’লেয়ে সংবাদ সংস্থা ANI-ক জনোৱা মতে লোকজনক এখন জাননী দি মুকলি কৰি দিয়া হয়।
উল্লেখযোগ্য যে শনিবাৰে, নগাঁও চহৰৰ ৰাজপথত বিৰিঞ্চি বৰা আৰু পৰিস্মিতা নামৰ এগৰাকী যুৱতী ক্ৰমে শিৱ আৰু পাৰ্বতীৰ চৰিত্ৰত মূল্যবৃদ্ধিক লৈ এখন ব্যংগাত্মক বাটৰ নাট কৰিছিল। নিজকে ভগৱান শিৱৰ ভক্ত বুলি উল্লেখ কৰা বিৰিঞ্চি বৰা নামৰ যুৱকজনে সংবাদ মাধ্যমৰ আগত কোৱা মতে ৰাইজক সামগ্ৰীৰ মূল্য বৃদ্ধিৰ সন্দৰ্ভত সজাগৰ কৰাৰ উদ্দেশ্যে তেওঁলোকে এইদৰে ব্যংগাত্মক নাটৰ জৰিয়তে প্ৰতিবাদ কৰিছিল।
কিন্তু তেওঁলোকৰ এই কাৰ্য্যই সামাজিক মাধ্যম তথা নগাঁও চহৰত মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ লগতে এই কাৰ্য্যই হিন্দুৰ ধৰ্মীয় অনুভুতিত আঘাট সনাৰ অভিযোগ আনি বিশ্ব হিন্দু পৰিষদৰ নগাঁও জিলা সমিতি, বজৰংগ দল, বিজেপি যুৱ মৰ্চাই নগাঁৱৰ সদৰ থানাত এজাহাৰ দাখিল কৰে।
উক্ত এজাহাৰৰ ভিত্তিত নগাঁও আৰক্ষীয়ে যুৱকজনক আটক কৰি থানালৈ লৈ আনে।
অৱশ্যে, এখন বাটৰ নাটৰ বাবে আৰক্ষীয়ে যুৱকজনক এইদৰে আটক কৰা কাৰ্য্যক সামাজিক মাধ্যমত বিভিন্নজনে প্ৰতিবাদ কৰাৰ লগতে বৰাক মুকলি কৰি দিয়াৰ দাবী জনায়। ইয়াৰ পিছতে আজি নগাঁও আৰক্ষীয়ে আজি যুৱকজনক এখন জাননী দি জামিত মুকলি কৰি দিয়ে।
লগতে পঢ়ক – টিকক কয়লা খননস্থলী পৰিদৰ্শন মন্ত্ৰী নন্দিতা গাৰ্লোচাৰ