ধেমাজি, অংকুৰ নৰহ: বিগত ৬ দিন ধৰি ধেমাজি জিলাৰ কেকুৰী গাঁৱৰ বিপুল বৰগোঁহাই নামৰ এজন ব্যক্তি ৰহস্যজনকভাৱে সন্ধানহীন হৈ থকাত জিলাখনত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। নিজৰ ঘৰৰ পৰা ব্যক্তিগত বাহন লৈ ধেমাজি জিলা সদৰলৈ বুলি ওলাই যোৱাৰে পৰা লোকজন সন্ধানহীন হৈ আছে।
ঘটনাৰ বিবৰণি মতে ধেমাজি সদৰ আৰক্ষী থানাৰ অন্তৰ্গত চমৰাজান পঞ্চায়তৰ কেঁকুৰী আহোম গাঁৱৰ বিপুল বুঢ়াগোহাঁই (৪২) নামৰ ব্যক্তি গৰাকী অন্য দিনৰ দৰেই নিজৰ AS 22 H 2356 নম্বৰৰ বগা ৰঙৰ Alto 800 গাড়ীখন লৈ যোৱা ২৩ নৱেম্বৰত ভাড়া মাৰিবলৈ ঘৰৰ পৰা ওলাই গৈছিল।
নিজৰ বাহনেৰে ভাড়া মাৰি পৰিয়াল পোহপাল দি অহা ব্যক্তিজনে যোৱা ২৩ নৱেম্বৰৰ সন্ধিয়া স্বাভাৱিকভাৱে পত্নীলৈ ফোন কৰি ঘৰলৈ বজাৰ কৰাৰ সন্দৰ্ভত বাৰ্তালাপ কৰিছিল।
পৰৱৰ্তী সময়ত ৯ বজাত পুনৰ পত্নীৰে কথা পাতি অলপ দেৰি হোৱাৰ কথা অৱগত কৰে ব্যক্তিজনে। ৰাতি প্ৰায় ১১ বজালৈ স্বামী ঘৰলৈ উভতি নহাত পত্নী চিত্ৰলেখা বৰগোহাঁইয়ে স্বামীলৈ ফোন কৰে আৰু স্বামী বিপুল বৰগোহাঁই “গাড়ীখনৰ ইঞ্জিন বন্ধ হৈ যায়” বুলি কোৱাৰ পাছৰে পৰা ব্যক্তি গৰাকীৰ মোবাইল ফোন বন্ধ হৈ নিখোজ হৈ আছে আজি পৰ্যন্ত।
বিগত ৬ দিন ধৰি সন্ধানহীন হৈ থকা বিপুল বৰগোঁহাইক বিচাৰি চলাত কৰিছে যদিও বৰ্তমান সময় লৈকে কোনো ধৰণৰ সন্ধান লাভ কৰা নাই। এই সন্দৰ্ভত পত্নী চিত্ৰলেখা বৰগোঁহাইয়ে ধেমাজি সদৰ আৰক্ষী থানাত গোচৰ ৰুজু কৰে।
আৰক্ষীয়ে অভিযান চলাই আছে যদিও কোনো ধৰণৰ সুং-সূত্ৰ পাবলৈ সক্ষম হোৱা নাই। সহজ সৰল মনৰ ব্যক্তি গৰাকীৰ আকস্মিক সন্ধানহীনতাত চিন্তিত আৰু উদ্বিগ্ন হৈ পৰিছে পৰিয়ালৰ লগতে ওচৰ চুবুৰীয়া।
দুৰ্ভগীয়া পৰিয়ালটোৱে কোনো ব্যক্তিয়ে যদি বিপুল বৰগোঁহাইৰ লগতে বগা ৰঙৰ মাৰুটি এল্ট’ ৮০০ বাহনখনৰ সন্ধান লাভ কৰে তেন্তে সমীপৰ আৰক্ষী থানা অথবা 6900333050 আৰু 7099136141 নম্বৰত পৰিয়ালক অৱগত কৰিবলৈ কাতৰ আহ্বান জনায়।
লগতে পঢ়ক – লখিমপুৰত ডাম্পিং গ্ৰাউণ্ডৰ সমীপত যুৱকৰ মৃতদেহ উদ্ধাৰ