গুৱাহাটী: নলবাৰীত এজন লোকে দুই সন্তানক বিহ খোৱাই পিছত নিজেও আত্মহত্যা কৰা এক ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে পৰপুৰুষৰ সৈতে পত্নী পলাই যোৱাৰ পিছতে লোকজনে এই চৰম সিদ্ধান্ত গ্ৰহণ কৰে।
নিহত লোকজনক নলবাৰীৰ বৰভাগ অঞ্চলৰ ডকহা গাঁৱৰ দিন হাজিৰা কৰা শ্ৰমিক দীপুল শইকীয়া বুলি চিনাক্ত কৰা হৈছে। প্ৰাপ্ত তথ্য মতে লোকজনে প্ৰথমে দুই পুত্ৰ মাৱনজ্যোতি শইকীয়া (১৩) আৰু ভাৰ্গৱজ্যোতি শইকীয়া (৭)-ক বিহ খোৱাই পিছত নিজেও বিহপান কৰে।
বিহপানৰ ফলত লোকজনৰ থিতাতে মৃত্যু ঘটে যদিও স্থানীয় লোকে সংকটজনক অৱস্থাত ল’ৰা দুটাক উদ্ধাৰ কৰি সমীপৰ চিকিৎসালয়ত ভৰ্তি কৰাই যদিও পিছত তেওঁলোকক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়।
শিশু দুটিৰ অৱস্থা এতিয়াও সংকটজনক বুলি জানিব পৰা গৈছে।
নিহত শইকীয়াৰ প্ৰতিৱেশীয়ে জনোৱা মতে লোকজনৰ পত্নী হজৰত আলী নামৰ এজন বিবাহিত লোকৰ সৈতে পলাই যোৱাৰ বাবেই তেওঁ এই চৰম পথ বাচি লয়।
‘’তাই হজৰত আলীৰ সৈতে যোৱা এবছৰ ধৰি অবৈধ সম্পৰ্ক চলাই আহিছিল আৰু মঙলবাৰে হঠাৎ নোহোৱা হয়। তাই দুগৰাকীকৈ পত্নী থকা আলীৰ সৈতে পলাই যোৱাৰ পিছৰে পৰা দেউতাক আৰু ল’ৰা দুটা ভাঙি পৰিছে। কালি নিশা আমি ল’ৰা দুটাৰ চিঞৰ শুনা পাই আহি তিনিওকে মাটিত পৰি থকা অৱস্থাত উদ্ধাৰ কৰো,‘’ দীপুলৰ বৌয়েকে কয়।
ঘটনা সম্পৰ্কত আৰক্ষীয়ে কমাৰকুচি আৰক্ষী থানাত এক গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।
লগতে পঢ়ক – অসম-মেঘালয় সীমান্তত নাও খেল প্ৰতিযোগিতা