নিউজ ডেস্ক : এগৰাকী ৭ বছৰীয়া নাবালিকাক ধৰ্ষণ কৰাৰ অপৰাধত কোকৰাঝাৰ জিলাৰ এজন ব্যক্তিক আদালতে যাৱজ্জীৱন কাৰাদণ্ড বিহিছে।

ন্যায়াধীশ চন্দ্ৰাংশু চতুৰ্বেদিৰ বিশেষ আদালতে ছামিনুৰ হক নামৰ লোকজনৰ ওপৰত এই শাস্তি আৰোপ কৰিছে। উক্ত লোকজনে ২০১৯ চনৰ আগষ্টত এই সংঘটিত কৰিছিল।

কোকৰাঝাৰ জিলাৰ কাজিগাঁও অঞ্চলত উক্ত ঘটনা সংঘটিত হৈছিল।

আদালতে লোকজনক জাৱজ্জীৱন কাৰাদণ্ডৰ উপৰি ২৫,০০০ টকাৰ জৰিমনা বিহিছে। জৰিমনা দিয়াত ব্যৰ্থ হ’লে লোকজনে ৩ বছৰ অত্যাধিক কাৰাবাস খাতিব লাগিব।

ইয়াৰ উপৰি ন্যায়াধীশ গৰাকীয়ে জিলা আইন সেৱা প্ৰাধিকৰণক ভুক্তভোগীক যথোচিত ক্ষতিপূৰণ প্ৰদানৰ পৰামৰ্শ আগবঢ়াইছে।

লগতে পঢ়ক :

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply