মঙলদৈ, প্ৰবীণ বৰুৱা: মঙলদৈ চহৰৰ মাজেৰে পথ সুৰক্ষা সপ্তাহ উপলক্ষে আৰক্ষী অধিক্ষক প্ৰশান্ত শইকীয়াৰ নেতৃত্বত মঙলবাৰে মঙলদৈত আৰক্ষীৰ এক বৃহৎ বাইক ৰেলী উলিওৱা হয়।

১১ জানুৱাৰীৰ পৰা আৰম্ভণি হোৱা পথ সুৰক্ষা সপ্তাহ উপলক্ষে দৰং জিলা প্ৰশাসনে বিভিন্ন সজাগতামূলক কাৰ্য্যসূচী গ্ৰহণ কৰাৰ পিছত আজি জিলা আৰক্ষী প্ৰশাসনে সজাগতামূলক বৃহৎ বাইক ৰেলীৰে সামৰণি পেলালে সপ্তাহযোৰা পথ সুৰক্ষা কাৰ্যসূচীৰ।

বাইক ৰেলীত অংশগ্ৰহণ কৰি আৰক্ষী অধীক্ষক গৰাকীয়ে সকলোকে যান-বাহন আইন মানি চলিবলৈ আহ্বান জনায়।

জিলা উপায়ুক্ত প্ৰনৱ কুমাৰ শৰ্মা আৰু আৰক্ষী অধীক্ষক প্ৰশান্ত শইকীয়াৰ নেতৃত্বত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ভেবাৰঘাটত নীতি নিৰ্দেশনা মানি বাইক চলোৱা চালক আৰু সৰু গাড়ীচালক সকলক চকলেট উপহাৰ দিয়াৰ উপৰিও নীতি নিৰ্দেশনা অবিহনে বাইক আৰু গাড়ী চলোৱা চালক সকলক সতৰ্ক কৰি দিয়া হয়।

লগতে পঢ়ক – সুস্থ হৈ উঠিছে ঋষভ পন্ট

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply