মাৰ্ঘেৰিটা: ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ মাচুল বৃদ্ধিপ সিদ্ধান্তৰ বিৰুদ্ধে তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহাবিদ্যায় ছাত্ৰ একতা সভাই মহাবিদ্যালয় চৌহদত আজি ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰে।

উল্লেখযোগ্য যে ডিব্ৰুগড় বিশ্ববিদ্যালয় কৰ্তপক্ষই বিশ্ববিদ্যালয়খৰ অন্তৰ্গত মহাবিদ্যালয়সমূহত নামভৰ্তিৰ মাচুল বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। যাৰ ফলত বিশ্ববিদ্যালয়খনৰ অধীনৰ মাৰ্ঘেৰিটা মহাবিদ্যালয়ত ষান্মাসিকৰ নামভৰ্তিৰ মাচুল অত্যাধিক বৃদ্ধিক লৈ ছাত্ৰ একতা সভাই সাব্যস্ত কৰে এই প্ৰতিবাদ।

ইতিমধ্যে মূল্যবৃদ্ধিৰ বোজা কঢ়িয়াই থকা মধ্যবিত্ত তথা নিম্ম মধ্যবিত্ত পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীৰ ওপৰত মাচুল বৃদ্ধিয়ে অতিৰিক্ত চাপ পেলাব বুলি অভিযোগ কৰি ছাত্ৰ একতা সভাৰ নেতা বাবুল সোনোৱালে শীঘ্ৰে নামভৰ্তিৰ মাচুল বৃদ্ধিৰ সিদ্ধান্ত বাতিল কৰাৰ দাবী জনায়।

বিশ্ববিদ্যালয় তথা মহাবিদ্যালয় কৰ্তৃপক্ষই তেওঁলোকৰ দাবী নামানিলে শীঘ্ৰে ৰাষ্ট্ৰীয় পৰ্যায়ত তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলা হ’ব বুলি সকিয়াই দিয়ে।

আমহাতে মাৰ্ঘেৰিটা মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ অতনু কাকতিয়ে ছাত্ৰ একতা সভাই উত্থাপন কৰা মূল্যবৃদ্ধিৰ প্ৰাসংগিকতা আছে বুলি স্বীকাৰ কৰে যদিও বিশ্ববিদ্যালয় কৰ্তৃপক্ষই লোৱা সিদ্ধান্ত মানিবলৈ তেওঁলোক বাধ্য বুলি উল্লেখ কৰে।

তদুপৰি ছাত্ৰ একতা সভাই তিনিমাহৰ পাঠদানৰ বিপৰীতে ছমাহৰ মাচুল লোৱা বুলি কৰা অভিযোগ সন্দৰ্ভত বিশ্ববিদ্যালয় কৰ্তৃপক্ষ তথা চৰকাৰক অৱগত কৰিব বুলি আজিৰ প্ৰতিবাদস্থলীত উপস্থিত হৈ অধ্যক্ষগৰাকীয়ে কয়।

তেওঁলোকৰ দাবীৰ সমৰ্থনত ছাত্ৰ একতা সভাই ৰাজ্যৰ মুখ্য মন্ত্ৰী, শিক্ষা মন্ত্ৰী আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্যলৈ পৃথকে পৃথকে স্মাৰকপত্ৰ প্ৰেৰণ কৰে।

লগতে পঢ়ক – EM Exclusive: অৰুণাচলৰ সীমান্তত চীনে দ্ৰুত গতিত চলাইছে আন্তঃগাঠনিৰ নিৰ্মাণ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply