টীয়ক, স্মৃতি প্ৰিয়া লাহন: আজি দুপৰীয়া টীয়কৰ ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ত মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী উপস্থিত হৈ ৰাজহ চক্ৰ বিষয়াৰ লগতে কাৰ্যালয়ৰ মন্দল, কানুনগো তথা কৰ্মচাৰীসকলক গামোচা পিন্ধাই সম্বৰ্ধনা জ্ঞাপন কৰে।
উল্লেখযোগ্য যে স্বাধীনতাৰ ৭৫ বছৰৰ পাছতো বহুতো খিলঞ্জীয়া লোকে ভূমি পট্টা লাভ কৰা নাছিল যদিও শেহতীয়াকৈ মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ তৎপৰতাত বসুন্ধৰা আঁচনিৰ জৰিয়তে ৰাজ্যৰ সকলো খিলঞ্জীয়া লোককে ভূমি পট্টাকে ধৰি বিভিন্ন ভূমি সমস্যা সমাধানৰ উদ্দেশ্যে চৰকাৰ অগ্ৰসৰ হৈছে।
বসুন্ধৰা মিছনৰ প্ৰথম পৰ্য্যায়ৰ সফল সমাপ্তিৰ পাছত ৰাজ্যৰ মুখ্য মন্ত্ৰীগৰাকীৰ নিৰ্দেশমৰ্মে বসুন্ধৰা মিছন সফল ৰূপায়ণৰ ক্ষেত্ৰত দিনে নিশাই কষ্ট কৰা এইসকল ৰাজহ চক্ৰ কাৰ্যালয়ৰ কৰ্মচাৰীক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰাৰ উদ্দেশ্যে বিধায়ক কুৰ্মী কাৰ্যালয়ত উপস্থিত হৈ সকলোকে সম্বৰ্ধনা জনোৱাৰ লগতে মিঠাইৰ টোপোলা আগবঢ়ায়।
বিধায়কগৰাকীয়ে কাৰ্যালয়লৈ আহি এইদৰে কৰ্মচাৰীসকলক সম্বৰ্ধনা জনোৱাৰ বাবে সকলো কৰ্মচাৰীয়ে তেওঁক ধন্যবাদ জনাই এই পদক্ষেপে কৰ্মচাৰীসকলক অনাগত দিনত দুগুণ উৎসাহেৰে কাম কৰিবলৈ আগ্ৰহী কৰিব বুলি উল্লেখ কৰে।
লগতে পঢ়ক – খুমটাই সমষ্টিৰ চাহ বাগিচা অঞ্চলৰ তিনিখন বিদ্যালয় উদ্বোধন মন্ত্ৰী পীযুষ হাজৰীকাৰ