নিউজ ডেস্ক: বিহুৰ কাৰ্য্যসূচীত হনুমান জয়ন্তীৰ শোভাযাত্ৰা অন্তৰ্ভুক্ত কৰাক কেন্দ্ৰ কৰি ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰা মাৰোৱাৰী যুৱ মঞ্চই অৱশেষত নিজৰ কাৰ্য্যৰ বাবে অসমবাসীৰ ওচৰত ক্ষমা খুজিলে। সংগঠনটোৱে আছুলৈ এখন পত্ৰ প্ৰেৰণ কৰি নিজৰ ভূল স্বীকাৰ কৰে।
ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ যোগেদি আছুৰ সভাপতি/সম্পাদকলৈ প্ৰেৰণ কৰা এখন পত্ৰত সংগঠনটোৱে ডিব্ৰুগড়ত১৬ আৰু ১৭ এপ্ৰিলত দুদিনীয়া কাৰ্য্যসূচীৰে উদযাপন কৰিবলৈ লোৱা ৰঙালী বিহুৰ অনুষ্ঠানৰ সৈতে হনুমান জয়ন্তীৰ শোভাযাত্ৰা অন্তৰ্ভুক্ত কৰাৰ সিদ্ধান্তক তেওঁলোকৰ ভূল আছিল বুলি কয়।

আছুক প্ৰদান কৰা পত্ৰত সংগঠনটোৱে কয়, ”আমাৰ দ্বাৰা অজানিতে হোৱা ভূলৰ বাবে আমি ৰাইজৰ ওচৰত ক্ষমাপাৰ্থী। এই মৰ্মে পূৰ্বে নিৰ্ধাৰিত কাৰ্য্যক্ৰমত সাল সলনি কৰি আমি এতিয়া ১৭ এপ্ৰিল তাৰিখে এদিনীয়া কাৰ্য্যসূচীৰেআনন্দ উল্লাসেৰে ডিব্ৰুগড়ত ৰঙালী বিহু উদযাপন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছো।”
মাৰোৱাৰী যুৱ মঞ্চৰ পত্ৰৰ পিছতে সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা সমুজ্জল কুমাৰ ভট্টচাৰ্যই নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সংগঠনটোৰ সিদ্ধান্ত ভূল আছিল বুলি মন্তব্য কৰি কয়, ”বিহুৰ লগত হনুমান জয়ন্তীৰ সম্পৰ্ক নাই, সেইটো মাৰোৱাৰী যুৱ মঞ্চৰ ভূল আছিল।”
লগতে পঢ়ক –বিহুৰ আনন্দৰ মাজতে ৰাজ্যত তাণ্ডৱ চলাইছে ধুমুহা-বৰষুণে