গুৱাহাটী: ২০২৪ ৰ লোকসভা নিৰ্বাচন আৰু ২০২৬ৰ বিধানসভা নিৰ্বাচনৰ বাবে ৰাজ্যত সমষ্টি পুনৰ নিৰ্ধাৰণৰ কাম আৰম্ভ হৈছে ক্ষীপ্ৰতাৰে। নিৰ্বাচন আয়োগৰ এই সিদ্ধান্তৰ উমান পাই অতি তৎপৰতাৰে কাম আৰম্ভ কৰিছে শাসকীয় গেৰুৱা দলে। ইতিমধ্যে জিলাভিত্তিক গৱেষণা আৰম্ভ কৰিছে দলটোৱে। উদ্দেশ্যে আগন্তুক দুয়োটা নিৰ্বাচনতে মসৃণতাৰে নিৰ্বাচন জয়।
দেশৰ সমাগত লোকসভা নিৰ্বাচনৰ পূৰ্বে অসমত সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া সম্পূর্ণ কৰাৰ বাবে কেন্দ্ৰই পূর্ণ প্রস্তুতি চলোৱা বুলি জানিব পৰা গৈছে। সেই অনুসৰি ২০২৪ চনৰ পূৰ্বেই ৰাজ্যৰ বিধানসভা আৰু লোকসভা সমষ্টিসমূহৰ সীমা নতুনকৈ নিৰ্ধাৰণ হোৱাৰ সম্ভাৱনা আছে। দুই-এদিনৰ ভিতৰতে কেন্দ্ৰই এই সন্দৰ্ভত জাৰি কৰিব নিৰ্দেশনা।
২০২২ৰ জুন মাহতে ৰাজ্য চৰকাৰে প্ৰেৰণ কৰিছিল আপত্তিবিহীন পত্ৰ। ৰাজ্যত সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ বাবে প্ৰেৰণ কৰিছিল পত্ৰ। এই পত্ৰ প্ৰেৰণ কৰাৰ ছমাহ পিচত এতিয়া অসমৰ লগতে মণিপুৰতো বিধানসভা-লোকসভা সমষ্টিসমূহৰ সীমা নতুনকৈ নিৰ্ধাৰণ কৰাৰ সম্ভাৱনা দেখা দিছে।
স্মৰ্তব্য যে ২০২০ চনতো অসমত কেন্দ্ৰই সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া চলাব বিচাৰিছিল যদিও সেই সময়ত ৰাজ্যৰ আইন-শৃংখলাজনিত পৰিস্থিতিৰ বাবে ৰাজ্য চৰকাৰে এইক্ষেত্ৰত সেউজ সংকেত দিয়া নাছিল। শেহতীয়াকৈ অসম চৰকাৰৰ সেউজ সংকেত লাভ কৰাত বিষয়টোৱে গতি লাভ কৰা বুলি জনা গৈছে। ইফালে সদৌ অসম ছাত্ৰ সন্থাকে ধৰি বিভিন্ন সংগঠনেও অসমত সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া শীঘ্ৰে সম্পূৰ্ণ কৰাৰ বাবে দাবী জনাইছিল। মুখ্যমন্ত্রী হিমন্তবিশ্ব শৰ্মাই বিগত জুলাই মাহতে দিল্লীত সাংবাদিকৰ আগত অসম চৰকাৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ বাবে সম্পূৰ্ণ সাজু আৰু ৰাজ্য চৰকাৰে এইক্ষেত্ৰত কেন্দ্ৰলৈ যাৱতীয় এন অ’ চি প্ৰেৰণ কৰা বুলি সদৰী কৰিছিল।
নিৰ্বাচন আয়োগে এই প্ৰক্ৰিয়াত কাম আৰম্ভ কৰাৰ উমান পাই এতিয়া শাসক দল বিজেপিয়ে ব্যাপক দলীয় প্রস্তুতি আৰম্ভ কৰিছে। কাৰণ কেন্দ্ৰৰ তৰফৰ পৰা সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা প্ৰকাশ কৰিলেই সেই খচৰাক লৈ ৰাজনৈতিক দলসমূহে দিব লাগিব নিজস্ব মতামত। কেন্দ্ৰীয় নির্বাচন আয়োগ বা সমষ্টি পুনৰ নিৰ্ধাৰণ আয়োগত দলৰ তৰফৰ পৰা বিধানসভা আৰু লোকসভা সমষ্টিসমূহৰ সীমা নিৰ্ধাৰণৰ ক্ষেত্ৰত যাৱতীয় আপত্তি প্রদর্শন বা সমর্থন ব্যক্ত কৰাৰ বাবে ৰাজ্যিক বিজেপিয়ে আৰম্ভ কৰিছে দলীয় আলোচনা।
প্ৰাপ্ত তথ্য অনুসৰি বৰপেটা, বঙাইগাঁও জিলাৰ অন্তৰ্গত বিধানসভা আৰু লোকসভা সমষ্টিৰ সীমাক লৈ ৰাজ্যিক নেতৃত্বৰ আলোচনাত মিলিত হৈছে পঞ্চায়ত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস। নগাঁও আৰু মৰিগাঁও জিলাৰ অন্তৰ্গত বিধানসভা আৰু লোকসভা সমষ্টিৰ সন্দৰ্ভত বিধায়ক পীযূষ হাজৰিকা, বিধায়ক ৰূপক শৰ্মা, বিধায়ক ৰমাকান্ত দেউৰী, শিবু মিশ্র মিলিত হৈছে পৃথক পৃথক বৈঠকত।
ইফালে ধুবুৰী জিলাৰ অন্তৰ্গত সমষ্টিসমূহক লৈ দীপক সাহা, অশ্বিনী ৰায় সৰকাৰ, অশোক সিংঘী, বিমল অছোৱাল, গোৱালপাৰা জিলাৰ অন্তৰ্গত সমষ্টিসমূহক লৈ বিজেপি নেতা ড০ প্রকাশ কাশ্যপ, ভৃগুৰঞ্জন ৰাভা। দৰং জিলাৰ সমষ্টিসমূহক লৈ গুৰুজ্যোতি দাস, পৰমানন্দ ৰাজবংশীয়ে আলোচনাত মিলিত হোৱাৰ খবৰ পোৱা গৈছে।
উল্লেখ্য যে ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বেই অসমত সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া সম্পূৰ্ণ হ’লেও ৰাজ্যৰ লোকসভা সমষ্টিৰ সংখ্যা একেই থাকিব। এইক্ষেত্ৰত কেৱল অসমৰ ১৪ টা লোকসভা সমষ্টিৰ চাৰিসীমাহে সালসলনি হোৱাৰ সম্ভাৱনা আছে। এইক্ষেত্ৰত সকলো ৰাজনৈতিক দল, স্থানীয় সংগঠন আদিৰ শুনানি লৈ কেন্দ্ৰ চূড়ান্ত সিদ্ধান্তত উপনীত হ’ব যদিও শাসকীয় দল ভাৰতীয় জনতা পাৰ্টিৰ বাহিৰে ৰাজ্যৰ আন দলসমূহক ইয়াক লৈ তৎপৰতা প্ৰদৰ্শন কৰা পৰিলক্ষিত হোৱা নাই।
লক্ষণীয়ভাৱে, এই সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিষয়টোত নিৰ্বাচন আয়োগ তথা কেন্দ্ৰক দলীয় মতামত অৱগত কৰাৰ বাবে ৰাজ্যি বিজেপিয়ে এখন সমিতিও গঠন কৰি দিয়া বুলি জানিব পৰা গৈছে।
এই কমিটিত আছে মন্ত্রী অশোক সিংঘল, বিধায়ক ৰূপক শৰ্মা, অশ্বিনী ৰায় সৰকাৰ, নাৰায়ণ ডেকা আদি। এই সমষ্টিৰ পুনৰ নিৰ্ধাৰণ সিদ্ধান্তক বিজেপিয়ে অত্যন্ত গুৰুত্ব সহকাৰে গ্ৰহণ কৰিছে, কিয়নো সমষ্টি পুনৰ নিৰ্ধাৰণেই অনাগত বহু বছৰলৈ নিৰ্ণয় কৰিব অসমৰ ভৱিষ্যৎ ৰাজনীতিৰ ৰূপৰেখা। এনে প্রেক্ষাপটতে শাসক দল বিজেপিয়ে অতি তৎপৰতাৰে এই স্পৰ্শকাতৰ বিষয়টোক লৈ জিলা ভিত্তিক দলীয় গৱেষণা আৰম্ভ কৰিছে।
এই লোকসভাৰ সীমাৰ সালসলনি হ’লেই কিন্তু ৰাজ্যৰ বহু সাংসদৰ ৰাজনৈতিক ভৱিষ্যত ধুমুহাৰ গতিত যে সলনি হৈ পৰিব সেয়া ধূৰূপ। এতিয়া জনগাঁথনি ভিত্তিত নে পৰিসৰ ভিত্তিত এই সমষ্টি পুনৰ নিৰ্ধাৰণ কৰা হয়, সেয়া হ’ব লক্ষণীয় বিষয়।
লগতে পঢ়ক – বন বিভাগক গুৱাহাটী উচ্চ ন্যায়ালয়ত চলি থকা গোচৰৰ অনুসন্ধানৰ নিৰ্দেশ দিবলৈ চৰকাৰক পেটাৰ আহ্বান