নিউজ ডেস্ক: অসম চিকিৎসা মহাবিদ্যালয় (AMC)-ৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে ৰাজ্য চৰকাৰে ৩০০ কোটি টকাৰ বিত্তীয় সাহায্য প্ৰদান কৰিব, মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই ঘোষণা কৰে।

বৃহস্পতিবাৰে ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ৰ মহাৰজত জয়ন্তীত উপস্থিত থাকি শৰ্মাই ব্ৰিটিছ সমাজসেৱক ড০ জন বেৰী হোৱাইট আৰু অসমৰ প্ৰথম মুখ্য মন্ত্ৰী গোপীনাথ বৰদলৈয়ে চিকিৎসা মহাবিদ্যালয়খন প্ৰতিষ্ঠাৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

চিকিৎসা প্ৰতিষ্ঠানটো যাতে এটা অত্যাধুনিক গৱেষণা প্ৰতিষ্ঠান হিচাপে থিয় হৈ উঠে আৰু যিকোনো ৰোগৰ সৈতে মোকাবিলা কৰিবলৈ সক্ষম হৈ উঠে তাৰ বাবে ৰাজ্য চৰকাৰে প্ৰয়োজনীয় সকলো সহযোগিতা আগবঢ়াব বুলি তেওঁ জনায়।

তেওঁ কয়, “ৰাজ্য চৰকাৰে শিক্ষকৰ কোৱাৰ্টাৰ আৰু ছাত্ৰ-ছাত্ৰীৰ ছাত্ৰাবাস নিৰ্মাণৰ বাবে AMC-ক ৩০০ কোটি টকা প্ৰদান কৰিব।”

উক্ত অনুষ্ঠানত মুখ্য মন্ত্ৰীয়ে ১৯৪৭ বৰ্ষৰ এগৰাকী প্ৰাক্তন ছাত্ৰ- কামাখ্যা প্ৰসাদ চক্ৰৱৰ্তীক সম্বৰ্ধনা জনোৱাৰ লগতে AMC-ৰ মহাৰজক জয়ন্তীৰ এটা স্মাৰক ডাক টিকট মুকলি কৰে।

ইয়াৰ উপৰি তেওঁ শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ উপাচাৰ্যক ড০ জন বেৰী হোৱাইটৰ সন্মানত প্ৰতি বছৰে চিকিৎসা মহাবিদ্যালয়খনৰ শ্ৰেষ্ঠ MBBS স্নাতক গৰাকীক ৫ লাখ টকাৰ নগদ ধনৰ পুৰস্কাৰ প্ৰদান কৰিবলৈ আহ্বান জনায়।

লগতে পঢ়ক – ‘মিছ নৰ্থ ইষ্ট ইণ্ডিয়া-২০২২’ ৰ খিতাপ দখল ঈশানী হাতীমূৰীয়াৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply