গুৱাহাটী : বাংলাদেশত আৱদ্ধ হৈ আছে অসমৰ ১১ জনকৈ ছাত্র-ছাত্ৰী। ভাৰত-বাংলাদেশ সীমান্তত আশ্রয়হীন হৈ পৰিছে অসমৰ ছাত্ৰ-ছাত্ৰী কেইজন। দেশলৈ ঘূৰাই অনাৰ বাবে ছাত্ৰ-ছাত্ৰী কেইজনে চৰকাৰক আহ্বান জনাইছে। ভাৰতৰ লগতে বাংলাদেশ চৰকাৰকো সহায়ৰ বাবে আহ্বান জনাইছে ছাত্ৰ-ছাত্ৰী কেইজনে।

ভাৰতত কভিড মহামাৰীৰ দ্বিতীয়টো ঢৌৱে এক ভয়াবহ পৰিস্থিতি সৃষ্টি কৰিছে। দেশৰ কেইবাখনো ৰাজ্যত সংহাৰী ৰূপ ধাৰণ কৰিছে কভিড মহামাৰীৰ দ্বিতীয়টো ঢৌৱে। প্ৰতিদিনে দেশত লক্ষাধিক লোক আক্রান্ত হৈছে কভিডত, মৃত্যুৰ মুখত পৰিছে কেইবা হাজাৰ লোক।

দেশৰ অন্যান্য ৰাজ্যৰ তুলনাত অসমৰ পৰিস্থিতি নিয়ন্ত্ৰণত আছে যদিও অসমতো প্ৰতিদিনে বৃদ্ধি পাইছে আক্রান্তৰ সংখ্যা। কভিডৰ সংক্ৰমণ ৰোধৰ বাবে ইতিমধ্যে চৰকাৰে হাতত লৈছে কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ। মাস্ক পৰিধান কৰাৰ লগতে সামাজিক দূৰত্ব বজাই চলাৰ নিৰ্দেশনা জাৰি কৰিছে চৰকাৰে।

দেশবাসীৰ জীৱন ৰক্ষাৰ বাবে চৰকাৰ কঠোৰ হোৱাত ৰাইজে কিছু অসুবিধাৰ সন্মুখীন হ’বলগীয়া হোৱাটো স্বাভাৱিক। তেনে এক অসুবিধাৰ সন্মুখীন হ’বলগীয়া হৈছে দেশৰ পৰা বিদেশলৈ অধ্যয়নৰ বাবে যোৱা শিক্ষাৰ্থী সকল। বাংলাদেশলৈ যোৱা অসমৰ কেইজনমান ছাত্ৰ-ছাত্ৰী শেহতীয়া কভিড পৰিস্থিতিৰ বাবে বিপদত পৰিছে।

অসমৰ দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ মানকাচৰৰ পৰা বাংলাদেশলৈ অধ্যয়নৰ বাবে যোৱা ১১ জনকৈ ছাত্ৰ-ছাত্ৰী বাংলাদেশত বিপদত পৰি ভাৰত চৰকাৰৰ লগতে বাংলাদেশ চৰকাৰক সহায়ৰ বাবে আহ্বান জনাইছে। কভিড বাবে বাংলাদেশৰ পৰা ভাৰতলৈ ঘূৰি আহিব পৰা নাই মানকাচৰৰ চিকিৎসা বিজ্ঞানৰ ১১ জনকৈ ছাত্ৰ-ছাত্ৰী।

বাংলাদেশত অধ্যয়নত এই ১১ জন ছাত্ৰ-ছাত্ৰীৰ পৰীক্ষা যোৱা ২২ এপ্ৰিলত সমাপ্ত হৈছিল। পৰীক্ষাৰ অন্তত ঘৰলৈ ঘূৰি আহিব লওঁতে সমস্যাৰ সন্মুখীন হৈছে এই ছাত্ৰ-ছাত্ৰী সকল। কভিডৰ বাবে ভাৰত-বাংলাদেশ সীমান্ত ছিল কৰি দিয়াৰ ফলত এই ১১ জন ছাত্ৰ-ছাত্ৰী সীমান্তত আৱদ্ধ হৈ আছে।

ত্ৰিপুৰাত থকা ভাৰত-বাংলাদেশৰ আখৌৰা সীমান্তত বর্তমান আৱদ্ধ হৈ আছে মানকাচৰৰ এই ১১ জন ছাত্ৰ-ছাত্ৰী। সীমান্তৰ সিফালে আশ্রয়হীন হৈ পৰিছে এই ছাত্ৰ-ছাত্ৰী সকল। ভাৰতলৈ ঘূৰাই আনিবলৈ এই ছাত্ৰ-ছাত্ৰী সকলে ভাৰত চৰকাৰৰ লগতে অসম চৰকাৰক আহ্বান জনাইছে। এই ক্ষেত্ৰত সহায়ৰ বাবে বাংলাদেশ চৰকাৰকো আহ্বান জনাইছে ছাত্ৰ-ছাত্ৰী সকলে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply