আজি গুৱাহাটীত ৰাজনৈতিক দলৰ প্ৰতিনিধিসকলৰ সৈতে অসম-মেঘালয় সীমা বিবাদৰ ছয় এলেকা সম্পর্কীয় বাৰ্তালাপত মিলিত হয় মুখ্যমন্ত্ৰী।
এই আলোচনাত অসম-মেঘালয় সীমান্তৰ ক্ষেত্ৰত ইতিমধ্যে চিনাক্ত কৰা ১২টা বিবাদিত এলেকাৰ বৰ্তমান ছটা অঞ্চল চূড়ান্ত নিষ্পত্তিৰ বাবে ধার্য কৰা হৈছে ৰাজ্য চৰকাৰে অবগত কৰে। এই অঞ্চলবোৰৰ ভিতৰত আছে হাহিম, গিজাং, তাৰাবাৰী, বাখালাপাৰা, খানাপাৰা-পিলিংকাটা আৰু ৰাতাচেৰা।
বিষয়টোত সম্পূৰ্ণ আৰু চূড়ান্ত মীমাংসা আনিবলৈ দুয়োখন ৰাজ্যৰ প্ৰতিনিধিৰ সৈতে তিনিখন আঞ্চলিক সমিতি গঠন কৰা হৈছিল। আঞ্চলিক সমিতিসমূহৰ পৰামৰ্শ আৰু মুখ্যমন্ত্ৰী পৰ্যায়ৰ বহুকেইখন আলোচনা বৈঠকৰ ওপৰত ভিত্তি কৰি এক ৰূপৰেখা বিকশিত কৰা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে বৈঠকত অবগত কৰে।
অসম চৰকাৰে বিধানসভাত আলোচনা নকৰাকৈ মেঘালয়ৰ আৰু অসমৰ সীমা বিবাদৰ মুঠ ১২ টা অঞ্চলৰ ৬ টা বিবাদমান অঞ্চলৰ সীমা সমস্যা সমাধানৰ বাবে বিতৰ্কিত সীমান্ত অঞ্চলৰ অৰ্ধেক ভূমি মেঘালয়ক প্ৰদান কৰিবলৈ বিচৰা বিষয়টোৰ প্ৰতিবাদ কৰিছে বিৰোধী দলপতি দেবব্ৰত শইকীয়াই।
ইয়াৰ পূৰ্বে ১৯৮৫ চনত Justice Y.V Chandrachud সমিতিৰ প্ৰতিবেদন, ইয়াৰ পৰৱৰ্তী সময়ত ১৯৯২-৯৩ চনত মেঘালয় চৰকাৰ আৰু অসম চৰকাৰে Survey of India ৰ যোগেদি কৰা Joint Survey ৰ বিষয় এই উপৰোক্ত দুয়োটা বিষয়ে মেঘালয়ে কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰক অৱজ্ঞা কৰি বৰ্জন কৰিছিল।
তেনেক্ষেত্ৰত এতিয়া মেঘালয় চৰকাৰে দাবী কৰা অনুসৰি বহু অঞ্চল দিব বিচৰা বিষয়টো বিধানসভাত আলোচ্য বিষয় হোৱা উচিত বুলি মন্তব্য কৰে শইকীয়াই।
যিহেতু অসম চৰকাৰ, অসম চৰকাৰৰ মন্ত্ৰীসভা সাংবিধানিকভাৱে ভাৰতীয় সংবিধানৰ ২৬৩তম ধাৰা অনুসৰি বিধানসভাৰ প্ৰতি দায়বদ্ধ। এনে গুৰুত্বপূৰ্ণ সীমা সমস্যা সমাধান কৰিবলৈ হ’লে চৰকাৰীভাৱে বিধানসভাত আলোচনা হোৱা প্ৰয়োজন বুলি সৰ্বদলীয় বৈঠকৰ পিছত দেবব্ৰত শইকীয়াই মন্তব্য কৰে।
লগতে পঢ়ক- কাজিৰঙাত দুটা দশকৰ ভিতৰত বছৰটোত চোৰাংচিকাৰীৰ হাতত গড়ৰ মৃত্যুৰ সংখ্যা সৰ্বনিম্ন