বকোঃ বকোৰ মালাঙত অসম মেঘালয় সীমান্তৱৰ্ত্তী এলেকাত মেঘালয়ৰ আগ্ৰাসন ৷ মেঘালয়ে অসমৰ ভূ-খণ্ডত পথ নিৰ্মাণ কৰাৰ লগতে নিৰ্মাণ কৰিছে দলং ৷

এতিয়া অসম -মেঘালয় সীমান্তত বসৱাস কৰা অসমৰ নাগৰিক সকলৰ মাজত আতংকই বিৰাজ কৰিছে ৷ ঘটনাৰ খবৰ লাভ কৰিয়েই উক্ত স্থানত বকো আৰক্ষী আৰু কামৰূপ জিলা ৰাভা ছাত্র সন্থাৰ লগতে গামেৰীমূৰা আঞ্চলিকৰ এটি সজাতি দল গৈ উপস্থিত হয় ।

যোৱা ২৪ আগষ্টৰ পৰা কামৰূপ জিলাৰ অসম-মেঘালয় সীমান্তৰ গামেৰীমূৰাত হহুৱা জলপ্ৰপাতলৈ যোৱা পথ, দলং নিৰ্মাণ কৰি আহিছে মেঘালয়ে ৷

লগতে পঢ়কঃভাৰত -ভূটান সীমান্তৰ বৰনদী অভয়াৰণ্যত দুস্প্ৰাপ্য কাছ উদ্ধাৰ

সাংবাদিককো আক্ৰমণ কৰিবলৈ হাতে হাতে শিল লৈ চোচা লয় মেঘালয় সমৰ্থকে ৷ কর্তব্যৰত সাংবাদিককো ভিডিঅ’ বন্ধ কৰিবলৈ বাধ্য কৰে ৷

ইফালে সীমান্তৰ পথ নিৰ্মাণ বন্ধ কৰিবলৈ যোৱা প্ৰশাসনিক দলৰ লগতে সজাতি দলটোক লক্ষ্য কৰি একাংশ মেঘালয় সমৰ্থকৰ অশালীন গালি ৷

ইয়াৰ পিছতেই অসম-মেঘালয় সীমান্ত অঞ্চলত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷ অৱশেষত ঘটনাস্থলীৰ পৰা অসম আৰক্ষীৰ দল পিছ হুহকি আহিব লগীয়া হয় ৷

সীমান্তৱৰ্তী অঞ্চলটোত পৰিস্থিতি যিকোনো সময়তে অধিক ভয়াৱহ হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply