প্ৰৱেশ নিষিদ্ধ কৰিলে মন্ত্ৰী অতুল বৰাক

অসম আৰু চুবুৰীয়া ৰাজ্য মেঘালয়ৰ সীমান্তৰ দীৰ্ঘদিনীয়া সীমা সমস্যাৰ সকলোৰে গ্ৰহণযোগ্য সমাধানৰ বাবে আজি মন্ত্ৰী অতুল বৰাই কামৰূপ জিলা আৰু পশ্চিম খাচী পাহাৰৰ সীমান্তৱৰ্তী অঞ্চলৰ বাবে গঠন কৰা Regional Committeeৰ সদস্যসকলৰ সৈতে সীমান্তৱৰ্তী জিলা দুখনৰ বিশেষকৈ কামৰূপ জিলাৰ হাঁহিম, আঠীয়াবাৰী, শালবাৰী, মেলচাপাৰা, গামেৰিমূৰা আদি বিবদমান অঞ্চলকেইটা পৰিদৰ্শন কৰাৰ সময়ত বাধা প্ৰদান কৰে স্থানীয় ৰাইজে।
কামৰূপ জিলাৰ বকোৰ আঠিয়াবাৰী অঞ্চলত প্ৰৱেশ নিষিদ্ধ কৰিলে আন্ত:ৰাজ্যিক সীমাৰ দায়িত্বত থকা মন্ত্ৰী অতুল বৰা সহ দলটোক । মন্ত্ৰী অতুল বৰা সহ দলটোৱে সীমান্ত পৰিদৰ্শন কৰাৰ খবৰ লাভ কৰি আঠিয়াবাৰীত একাংশ অসম বিদ্বেষী লোকে গছ পেলাই , ডাঙৰ ডাঙৰ আকাৰৰ শিলেৰে ভেটি দলটোক প্ৰবেশত বাধা প্ৰদান কৰে । মন্ত্ৰীসহ বুজ লবলৈ যোৱা দলটোৱে সেই ঠাইতেই গাঁওবাসীৰ সৈতে মত বিনিময় কৰে।

সীমান্তবাসীৰ সৈতে মত বিনিময় কৰা সময়ত তেওঁলোকে কোনো কাৰণতে অসম নাথাকে বুলি জনায় । দলটোৰ সৈতে উপস্থিত থকা মেঘালয়ৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী ৰেনিকটন এল টংকাৰে গাওবাসীয়ে ক’ত ভোটদান কৰে বুলি জানিব বিচাৰে । মেঘালয়ৰ উপৰিও অসমতো ভোটদান কৰে বুলি আঠিয়াবাৰীৰ লোকসকলে জানিবলৈ দিয়াত মেঘালয়ৰ মন্ত্ৰীগৰাকীয়ে যিকোনো এখন ৰাজ্যত ভোট দিবলৈ আহ্বান জনায় । ইয়াৰ পিছত হাহিম হাইস্কুলত হোৱা এখন ৰাজহুৱা সভাত মন্ত্ৰী সহ দলটোৱে মত বিনিময় কৰে ।

মত বিনিময়ত কেইবাখনো গাঁৱৰ ৰাইজে অসমৰ ভৌগোলিক সীমাৰ ভিতৰত থাকিব নোখোজে বুলি দলটোক স্পষ্টকৈ জনায় । লগতে অসম আৰু মেঘালয়ৰ দুয়োখন ৰাজ্যত ভোট দান কৰি অহাৰ বিষয়েও জনায় ।

লগতে পঢ়ক-তামুলপুৰত আৰক্ষীৰ জালত পৰিল ভুৱা প্ৰমাণপত্ৰৰে নিযুক্তি লাভ কৰা শিক্ষক

অসম-মেঘালয় সীমান্তৰ দীৰ্ঘদিনীয়া সীমা সমস্যাৰ ফলপ্ৰসূ সমাধানৰ বাবে দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰীদ্বয়ৰ মাজত বিগত জুলাই-আগষ্ট মাহত অনুষ্ঠিত বৈঠকৰ সিদ্ধান্তমৰ্মে তিনিখনকৈ সমিতি গঠন কৰা হৈছিল।

আজিৰ পৰিদৰ্শনকালত মেঘালয় চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী Renikton L. Tongkhar, মেঘালয়ৰ কেইবাগৰাকীও জনপ্ৰতিনিধি, অসম চৰকাৰৰ সীমান্ত সুৰক্ষা আৰু উন্নয়ন বিভাগৰ আয়ুক্ত তথা সচিব, বিভাগৰ সচিব, সঞ্চালক প্ৰমুখ্যে কামৰূপ আৰু পশ্চিম খাচী পাহাৰৰ জিলা উপায়ুক্ত, আৰক্ষী অধীক্ষক আৰু বিভাগীয় বিষয়াসকল উপস্থিত থাকে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply