নিউজ ডেস্কঃ পুনৰ উত্তেজিত হৈ পৰিছে অসম-মেঘালয় সীমান্ত। পশ্চিম কাৰ্বি আংলং-মেঘালয় সীমান্তৰ জিৰিকিডিঙৰ মক্ৰত গুলীচালনাৰ ঘটনা। প্ৰাপ্ত খবৰ অনুসৰি, এই গুলীচালনাৰ ঘটনাত নিহত হৈছে ৪ জন লোক। উল্লেখ্য যে ৩ খাচী দুৰ্বৃত্তৰ লগতে এজন অসমৰ গৃহৰক্ষী জোৱান নিহত হৈছে এই ঘটনাত। নিহত গৃহৰক্ষী বাহিনীৰ জোৱানজন বিদ্যাছিং লেকথে বুলি জানিব পৰা গৈছে। ইয়াৰ উপৰি ঘটনাত অভিমন্যু নামৰ আন এজন জোৱান আহত হোৱাৰ খবৰ আহিছে।

জানিব পৰা মতে, আৰক্ষীৰ টহলদাৰী দললৈ লক্ষ্য কৰি আক্ৰমণ চলাইছিল খাচী দুৰ্বৃত্তই। কাৰ্বি আংলঙৰ পৰা অবৈধভাৱে কাঠ সৰবৰাহত কৰা চোৰাং কাঠভৰ্তি বাহন জব্দ কৰাৰ পিছতে এই সংঘাতৰ সৃষ্টি হৈছিল।

কাৰ্বি আংলঙৰ পৰা এখন ট্ৰাকত মেঘালয়ৰ এই তিনি বনদস্যুই লৈ আহিছিল কাঠৰ কুণ্ডাখিনি। পৰৱৰ্তী পৰ্যায়ত কাঠভৰ্তি ট্ৰাকখন জব্দ কৰাৰ পাছতে মেঘালয়ৰ শতাধিক খাচী লোকে হাতে হাতে দা, যাঠি-জোং লৈ খেদি আহে অসমৰ আৰক্ষী আৰু বন কৰ্মীৰ দলটোক। 

অৱশেষত পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ বাবে আৰক্ষীয়ে আক্ৰমণকাৰী লোক কেইজনক লক্ষ্য কৰি গুলীচালনা কৰে। আৰু এই গুলীচালনাত তিনিজন খাচী লোকে নিহত হয়। ইফালে, খাচী লোকৰ আক্ৰমণত এজন বনকৰ্মীয়ে হেৰুৱাই প্ৰাণ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,868 other subscribers

Leave a comment

Leave a Reply