মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ সৈতে ভিডিঅ’ কনফাৰেন্সিঙৰ যোগে শেহতীয়া ক’ভিড পৰিবেশক লৈ আলোচনা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই | আলোচনাত দুয়োখন ৰাজ্যই উমৈহতীয়াকৈ যুঁজ দিয়াত একমত পোষণ কৰে |
এই বৈঠকতে অসমে মেঘালয়লৈ ১০০ পালি ক’ভাক্সিন আগবঢ়াব বুলি কোৱাৰ বিপৰীতে মেঘালয়ে অসমলৈ ১০০ পালি ক’ভিশ্বিল্ড আগবঢ়াব মেঘালয়ে |
আনহাতে অসমে মেঘালয়লৈ যোগান ধৰি থকা ১৬ মেট্ৰিক টন অক্সিজেন যোগান ধৰি থাকিব | এই বৈঠকতে মেঘালয়ৰ মাজেৰে বৰাকলৈ অহা যোৱা কৰা পৰিবহন ব্যবস্থাত সহযোগিতা বিচাৰে মেঘালয়ৰ পৰা |
বৈঠকত অংশ লৈ মেঘালয়ৰ মুখ্যমন্ত্ৰীয়ে সকলো ধৰনৰ সহযোগিতা আগবঢ়াব বুলি আশ্বাস দিছে |
উল্লেখ্য যে আজিৰ দিনটোত মেঘালয়ত ৯০৬ জন লোক আক্ৰান্ত হোৱাৰ ১৯ জন লোকৰ মৃত্যু হৈছে |
লগতে পঢ়ক শিক্ষা বিভাগৰ সকলো খালী পদ পূৰণৰ বাবে বিশেষ নিযুক্তি কমিটি