সৌহাদ্যমূলক আলোচনা

গুৰুমুখ সিং, ডিফু: পাহাৰীয়া জিলা পশ্চিম কাৰ্বি আংলংৰ সীমামুৰীয়া ৰাজ্য মেঘালয়ৰ পশ্চিম জয়ন্তীয়া পাৰ্বত্য জিলাৰ সৈতে সম্পৰ্ক সুদৃঢ় কৰাৰ লক্ষ্যৰে দুই জিলাৰ উপায়ুক্তই লৈছে এক সৌহাৰ্দ্যপূৰ্ণ বৈঠক৷

সেই অনুসৰি ৬ আগষ্টত দুপৰীয়া ১২বজাত পশ্চিম কাৰ্বি আংলংৰ জয়ন্তীয়া হিলছ সীমান্তৱৰ্তী খান্দুলী বন পৰিদৰ্শন বঙলাত দুই পাৰ্বত্য ৰাজ্যৰ সীমান্ত জিলাৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ মাজত এখন কো-অডিনেশ্বন বৈঠক অনুস্হিত হ’ব৷

সৌহাৰ্দ্যপূৰ্ণ বৈঠক

বৈঠকত সীমান্তত যাতে দুই জিলা প্ৰশাসনে পাৰস্পৰিক সমন্বয়ৰে কামকাজ অব্যাহত থাকে এই সন্দৰ্ভত মতবিনিময় কৰাৰ সম্ভাৱনা আছে৷উল্লেখ্য সভাখনৰ আয়োজনৰ ক্ষেত্ৰত পশ্চিম জয়ন্তীয়া হিলচ জিলাৰ উপায়ুক্তই পশ্চিম কাৰ্বি আংলং জিলা উপায়ুক্তলৈ দিয়া চিঠিৰ সম্পৰ্কত সহাৰী জনাই পশ্চিম কাৰ্বি আংলংৰ উপায়ুক্তই ৩০জুলাইত তদ্ৰুপ পত্ৰ প্ৰেৰণ কৰি সভাৰ স্হান নিৰ্ণয় কৰে৷

লগতে পঢ়ক ডিফুত বনকৰ্মী আৰু ব্যক্তিগত সুৰক্ষা কৰ্মী নামিল ধন সংগ্ৰহ অভিযানত

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,054 other subscribers

Leave a comment

Leave a Reply