শিলচৰ : শিলচৰ – কৰিমগঞ্জ – ধর্মনগৰ, শিলচৰ – কৰিমগঞ্জ – মহিশাসন লকেল ট্রেইন চলাচল আৰম্ভ কৰা, দৈনিক শিলচর – হাইলাকান্দি – ভৈৰবী লোকেল ট্রেইন চলাচল কৰা আৰু ভিষ্টাডোম ট্ৰেইনৰ যাত্ৰাপথ বৰাক উপত্যকা পৰ্যন্ত সম্প্ৰসাৰণ কৰাৰ দাবীত লামডিং ব্ৰডগজ ৰূপায়ণ সংগ্ৰাম সমিতিয়ে আজি এন এফ ৰে’লৱে মহাপ্ৰবন্ধকলৈ শিলচৰ ৰে’লষ্টেশ্যনৰ অধীক্ষকৰ জৰিয়তে এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰে।
স্মাৰকপত্ৰ প্ৰদান কৰাৰ পূৰ্বে সমিতিয়ে শিলচৰ ট্ৰেইন ষ্টেশ্যনৰ সন্মুখত বিক্ষোভ প্ৰদৰ্শন কৰে। সমিতিৰ অন্যতম আহ্বায়ক অজয় ৰায়ে কয় যে দেশৰ বিভিন্ন ৰাজ্যত লোকেল ট্ৰইনৰ চলাচল আৰম্ভ হ’ল যদিও বৰাক উপত্যকাত ই হৈ উঠা নাই।
সমিতিৰ কাৰ্য্যকৰী সদস্য মলয় ভট্টাচাৰ্যই কয় যে অসম চৰকাৰে বাছ, মিনিবাছ, ক্ৰইজাৰ, ট্ৰেভেলাৰ আদিত ১০০ শতাংশ আসনত যাত্ৰী পৰিবহণৰ অনুমতি প্ৰদান কৰিছে যদিও লোকেল ট্ৰেইন পুনৰ আৰম্ভ কৰাৰ কোনো প্ৰচেষ্টা হাতত লোৱা নাই।
সমিতিৰ আন এগৰাকী সদস্য হৰিদাস দত্তই গুৱাহাটীৰ পৰা হাফলং পৰ্য্যন্ত আৰম্ভ কৰা ভিষ্টাডোম ট্ৰেইনৰ চলাচল বৰাক উপত্যকা পৰ্য্যন্ত সম্প্ৰসাৰণ কৰিবলৈ দাবী জনায়।
লগতে পঢ়ক : স্বাস্থ্যৰ যতন : কিয় আৰু কোনবিলাক শৰীৰচৰ্চা শিশুৰ বাবে উপযোগী?