গুৱাহাটী: অসম চৰকাৰ আৰু মাইক্ৰ’ফাইনেন্সৰ বিভিন্ন প্ৰতিষ্ঠানৰ লগত এক বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়। অসমত ঋণ প্ৰদান কৰা মুঠ ৩৮ টা মাইক্ৰ’ফাইনেন্সৰ প্ৰতিষ্ঠান আৰু বেংকে অসম চৰকাৰৰ সৈতে এই বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে।

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত আয়োজিত অনুষ্ঠানত “Assam Microfinance Incentive & Relief Scheme (AMFIRS), 2021” ৰূপায়ণৰ বাবে বুজাবুজি চুক্তি (MoU) স্বাক্ষৰ কৰা হয়
বিত্ত বিভাগ, ৩৮ টা মাইক্ৰ’ফাইনেন্স প্ৰতিষ্ঠান আৰু বেংকৰ মাজত এই বুজাবুজি চুক্তি (MoU)স্বাক্ষৰিত হয়
মাইক্ৰ’ফাইনেন্সৰ জৰিয়তে ঋণ গ্ৰহণ কৰা নাগৰিকসকল এই পদক্ষেপৰদ্বাৰা বিশেষভাৱে উপকৃত হ’ব
আবেদনৰ ভিত্তিত, নিৰ্ধাৰিত চৰ্তসাপেক্ষে মাইক্ৰ’ফাইনেন্সৰ ঋণ গ্ৰহণকাৰীসকলে বৃহৎ সকাহ পাবলৈ সক্ষম হ’ব ।

খ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰা অনুসৰি যিসকল মহিলাই তিনিটাতকৈ অধিক প্ৰতিষ্ঠানৰ ঋণ লোৱা নাই অথবা ঋণৰ পৰিমাণ ১.২৫ লাখতৈ বেছি নহয় তেওঁলোকে সকাহ লাভ কৰিব।

যিসকল মহিলাই সময়মতে ঋণৰ কিস্তি পৰিশোধ কৰিছে তেওঁলোকে ২৫ হাজাৰ টকাৰ এককালীন সাহায্য লাভ কৰিব যাতে পৰৱৰ্তী ঋণৰ কিস্তি আদায় দিয়াত সকাহ হয়।

আনহাতে যিসকল মহিলাই ঋণৰ কিস্তি আদায় দিয়া নাই আৰু বৰ্তমানেও তেওঁলোকৰ একাউণ্ট এন পি এ ঘোষিত হোৱা নাই তেওলোকৰ পৰৱৰ্তী ঋণৰ কিস্তি নিৰ্দিষ্টি সময়ৰ বাবে চৰকাৰে পৰিশোধ কৰিব।

এই শ্ৰেণীৰ মহিলাসকলে চৰকাৰৰ পৰা এককালীন ২৫ হাজাৰ টকাৰ সাহায্য লাভ নকৰিব ।

যিসকল মহিলা ঋণ পৰিশোধ কৰিবলৈ অক্ষম আৰু তেওঁলোকৰ একাউণ্ট এন পি এ ঘোষিত হৈছে সেই মহিলাসকলে এক নিৰ্দিষ্ট প্ৰ-পত্ৰত আবেদন কৰিব লাগিব। চৰকাৰে সকলো দিশ পৰ্যালোচনা কৰি তেওঁলোকক আংশিক বা সম্পূৰ্ণ ক্ষতিপূৰণ আদায় দিব।

লগতে পঢ়ক আজিও আইচিইউত জীৱন মৃত্যুৰ সৈতে যুঁজ দি আছে মৰিধলৰ ছাত্রী নন্দিতাই

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply