গুৱাহাটী: দৰমহা বৃদ্ধিৰ দাবীত আজি ব্যাপক প্ৰতিবাদী কাৰ্য্যসূচী গ্ৰহণ কৰে মধ্যাহ্ন ভোজন সহায়িকাসকলে।
ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা শুৱাহাটীত গোট খোৱা শতাধিক সহায়িকাৰ উত্তাল প্ৰতিবাদত কঁপি উঠে খানাপাৰৰ ৰাজপথ।
বৃহৎ সংখ্যক উচ্চ- প্ৰাথমিক বিদ্যালয়ৰ মধ্যাহ্ন ভোজনৰ ৰান্ধনি সহায়িকাই তেওঁলোকৰ দৰমহা বৃদ্ধি কৰাৰ লগতে চাকৰি নিয়মীয়াকৰণৰ দাবীত সাৱ্যস্ত কৰে উক্ত প্ৰতিবাদ।
প্ৰতিবাদকাৰীসকলে তেওঁলোকৰ দৰমহা ১৫০০ টকাৰ পৰা ৯,৬০০ টকালৈ বৃদ্ধি কৰিবলৈ দাবী জনোৱাৰ লগতে যোৱা ৮ মাহে তেওঁলোকে লাভ নকৰা মাহে ৫০০ টকা শীঘ্ৰে মুকলাই দিয়াৰ দাবী জনায়।
আনহাতে কাহিলীপাৰাত থকা মিছন ডাইৰেক্টৰ কাৰ্য্যালয়লৈ পদব্ৰজে গৈ নিজৰ স্মাৰকপত্ৰ দিবলৈ প্ৰতিবাদকাৰীসকলে চেষ্টা কৰে যদিও কাহিলীপাৰালৈ যোৱাত তেওঁলোকক আৰক্ষী-প্ৰশাসনে বাধা আৰোপ কৰে।
আনহাতে, কিছু সময় পূৰ্বে প্ৰতিবাদস্থলীত মিছন সঞ্চালক আহি উপস্থিত হোৱাত প্ৰতিবাদকাৰীসকলে তেওঁৰ হাতত স্মাৰকপত্ৰ প্ৰদান কৰাৰ লগতে সাময়িকভাৱে প্ৰতিবাদ স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰে।
লগতে পঢ়ক – কলিয়াবৰত ‘মিছন বসুন্ধৰা’ৰ অধীনত আবেদন নিস্পত্তিৰ ব্যৱস্থা