কমাৰগাঁও, চন্দন বৰা: ব্ৰহ্মপুত্ৰ, ধনশিৰি আৰু গেলাবিল নৈৰ জলপৃষ্ঠ ক্ৰমাৎ হ্ৰাস পোৱাৰ পিছত বোকাখাত বিধানসভা সমষ্টিৰ উত্তৰ মহুৰামুখ আৰু দিচৈ গাঁও পঞ্চায়তৰ বানপৰিস্থিতি সামান্য উন্নত হৈছে।
মঙলবাৰে স্থানীয় বিধায়ক তথা কৃষি মন্ত্ৰী অতুল বৰাই উত্তৰ মহুৰা আৰু দিচৈ গাঁও পঞ্চায়তৰ বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লৈ কৃষকৰ সৈতে মত বিনিময় কৰে।
বৰষুণ আৰু বানৰ কাৰণে বৰোধান চপাব নোৱাৰাত পথাৰতে কেনেকৈ ধান গঁজালি মেলি পঁচি গৈছে তাকো কৃষি মন্ত্ৰীক অৱগত কৰিলে ক্ষতিগ্ৰস্ত কৃষকে। গঁজালি মেলিবলৈ লোৱা ধানবোৰ নষ্ট হোৱাত কৃষকৰ দুৰ্দশা দেখি দুখ প্ৰকাশ কৰে কৃষিমন্ত্ৰী বৰাই।
অঞ্চলটো পৰিদৰ্শন কৰি মন্ত্ৰী বৰাই ক্ষতিগ্ৰস্ত কৃষকৰ কাৰণে পৰৱৰ্তী খেতি কৰিবলৈ বিশেষ ব্যৱস্থা তথা সহায় কৰিব বুলি আশ্বাস প্ৰদান কৰাৰ লগতে বানাক্ৰান্তক পৰ্যাপ্ত পৰিমানে বান সাহাৰ্য দিবলৈ বোকাখাত মহকুমাধিপতিক নিৰ্দেশ দিয়ে।
আনহাতে শিশু-প্ৰসূতি আৰু পশুধনৰ কাৰণে পৰ্যাপ্ত পৰিমাণৰ খাদ্য সামগ্ৰী যোগান ধৰিবলৈও নিৰ্দেশ দিয়ে মন্ত্ৰী বৰাই।
লগতে পঢ়ক – কেনেকৈ নিৰ্বাচন কৰা হ’ব দেশৰ পৰৱৰ্তী ৰাষ্ট্ৰপতি ?