কমাৰগাঁও (গোলাঘাট): বোকাখাত বিধানসভা সমষ্টিৰ দুসুঁতিমুখ গাঁও পঞ্চায়ত কাৰ্যালয়ৰ প্ৰাংগণত বেংগালুৰুস্থিত ৰাষ্ট্ৰীয় পশু পুষ্টি আৰু পশুতত্ত্ব বিভাগৰ সহযোগত অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ উদ্যোগত “পশুপালন সজাগতা সভা আৰু পশু খাদ্য বিতৰণ” অনুষ্ঠান অনুষ্ঠিত হয়।

সভাত মুখ্য অতিথিৰূপে উপস্থিত থাকি কৃষি আৰু পশুপালন মন্ত্ৰী অতুল বৰাই গাহৰি পালনেৰে বৰ্তমান সময়ত আৰ্থিক দিশত স্বাৱলম্বী হোৱাৰ লগতে ৰাজ্যৰ অৰ্থনীতিও মজবুত কৰিব পৰাৰ যথেষ্ট সুযোগ-সম্ভাৱনা আছে বুলি কয়।

নিজৰ ভাষণত মন্ত্ৰী গৰাকীয়ে মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৃষি, পশুপালন তথা আনুষংগিক খণ্ডৰ জৰিয়তে ৰাজ্যৰ প্ৰগতিৰ গতি ত্বৰান্বিত আৰু অৰ্থনৈতিক ভেটি সবল কৰি এখন আত্মনিৰ্ভৰশীল অসম গঢ়াৰ লক্ষ্যত আগবাঢ়ি গৈছে বুলি মন্তব্য কৰে।

বৰ্তমান শিক্ষিত যুৱক-যুৱতীসকল এই খণ্ডত জড়িত হৈ পৰাটো ৰাজ্যখনৰ বাবে অতিকৈ শুভ লক্ষণ বুলিও মন্তব্য কৰি বৰাই এইক্ষেত্ৰত চৰকাৰে তেওঁলোকক পূৰ্ণ সহযোগিতা আগবঢ়াব বুলি আশ্বাস দিয়ে।

অনুষ্ঠানত মন্ত্ৰী গৰাকীয়ে দুসুঁতি মুখ আৰু গুলুং টেমেৰা গাঁও পঞ্চায়তৰ দুই শতাধিক গাহৰি পালকক উন্নত মানৰ গাহৰিৰ খাদ্য বিতৰণ কৰে। অনুষ্ঠানত গোলাঘাট জিলা পশুপালন বিষয়া ডাঃ সত্য দত্ত চৌধুৰী,গাঁও পঞ্চায়ত সভাপতিদ্বয় পুষ্পনাথ পাটগিৰি আৰু জয়ন্তী লইং, আই টি ডি পিৰ অধ্যক্ষ নিজু লইং, আঞ্চলিক পঞ্চায়তৰ সদস্যা পূৰ্ণিমা দাস আদিকে ধৰি অঞ্চলটোৰ দুই শতাধিক কৃষক আৰু পশুপালক উপস্থিত থাকে।

লগতে পঢ়ক – উপ-নিৰ্বাচনৰ প্ৰাৰ্থীত্ব সন্দৰ্ভত দলীয় কৰ্মকৰ্তাৰ মত গ্ৰহণ কৰিবলৈ মাজুলীত উপস্থিত হয় মন্ত্ৰী বিমল বৰা

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,019 other subscribers

Leave a comment

Leave a Reply