বোকাখাত, উত্তম কুমাৰ শৰ্মা : অসম চৰকাৰৰ বিত্ত বিভাগ আৰু বোকাখাত মহকুমা প্ৰশাসনৰ উদ্যোগত মঙলবাৰে বোকাখাতৰ নাট্য মন্দিৰত আয়োজিত এক অনুষ্ঠানত “অসম মাইক্ৰ’ফাইনেন্স উদগনি আৰু ৰেহাই আঁচনি ২০২১”ৰ অধীনত নিয়মীয়াকৈ ঋণ পৰিশোধ কৰি থকা ‘ক্ষীপ্ৰ আদায়কাৰী শিতান’ৰ প্ৰথম শ্ৰেণীৰ ৩০০ গৰাকী হিতাধিকাৰীৰ মাজত চেক বিতৰণ কৰে অসম চৰকাৰৰ কষি মন্ত্ৰী তথা বোকাখাতৰ বিধায়ক অতুল বৰাই।
অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি মন্ত্রী অতুল বৰাই ৩০ গৰাকী মহিলাক চেক প্ৰদান কৰি মহকুমাটোত আঁচনিখনৰ শুভাৰম্ভ কৰে।
অনুষ্ঠানটোত মন্ত্ৰী গৰাকীৰ লগতে উপস্থিত থাকে বোকাখাত মহকুমাৰ মহকুমাধিপতি নেহা যাদৱ, নিৰ্বাচনী বিষয়া পৰিস্মীতা দিহিঙ্গীয়াৰ লগতে বিজেপিৰ যুৱ নেতা আকাশ ফুকন তথা মহকুমাটোৰ বিভিন্ন বিভাগৰ বিষয়া-কৰ্মচাৰীসকলৰ উপৰিও বিভিন্ন ৰাজনৈতিক দলৰ প্ৰতিনিধি।
উল্লেখযোগ্য যে এই আঁচনিৰ অধীনত বোকাখাত মহকুমাৰ মুঠ ৬২৪৩ গৰাকী হিতাধিকাৰী উপকৃত হ’ব।
ইফালে একেটা দিনতে মন্ত্ৰী গৰাকীয়ে বোকাখাতৰ আম্বেদকাৰ ভৱনত অসম চৰকাৰৰ অনুসূচীত জাতি জনকল্যাণ সঞ্চালকালয় আৰু বোকাখাত মহকুমা কল্যাণ বিষয়াৰ কাৰ্যালয়ৰ সহযোগত তথা বোকাখাত অনুসূচীত জাতি পৰিষদৰ উদ্যোগত আয়োজিত এক সামগ্ৰী বিতৰণী অনুষ্ঠানত উপস্থিত থাকি আনুষ্ঠানিকভাৱে ৪০গৰাকী হিতাধিকাৰীক চিলাই মেচিন, প্ৰেছাৰ কুকাৰ, স্প্ৰে মেচিন আৰু লৌহ ফ্ৰেমৰ তাঁতশাল বিতৰণ কৰাৰ লগতে পৰৱৰ্তী পৰ্যায়ত ৩০০ গৰাকী হিতাধিকাৰীক উক্ত সামগ্ৰী বিতৰণ কৰা হ’ব বুলি জনায়।
বোকাখাত অনুসূচীত জাতি পৰিষদৰ অধ্যক্ষ শ্ৰী প্ৰহ্লাদ দাসৰ সভাপতিত্বত অনুষ্ঠিত উক্ত অনুষ্ঠানটোত অতুল বৰাৰ লগতে উপস্থিত থাকে বোকাখাতৰ মহকুমাধিপতি ডাঃ নেহা যাদৱ, মহকুমা কল্যাণ বিষয়া ,বিজেপিৰ যুৱনেতা আকাশ ফুকনৰ উপৰিও অসম গণ পৰিষদৰ অনুসূচীত জাতি পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক মনোজ দাসৰ লগতে অগপৰ বিধান পৰিষদৰ সভাপতি জিতু দাস তথা অনুসূচীত জাতি পৰিষদৰ বিষয়ববীয়া ও কৰ্মকৰ্তা আৰু অগপ-বিজেপি দলৰ বিষয়ববীয়া-কৰ্মকৰ্তাসকল।
লগতে পঢ়ক – পদুলিত হেঁপাহৰ ভোগালী; দৰমহাৰ পৰা বঞ্চিত মাধ্যমিক অতিৰিক্ত (ঠিকাভিত্তিক) শিক্ষক