কমাৰগাঁও (গোলাঘাট): ৫ ফেব্ৰুৱাৰীৰ নিশা অহা এজাক শিলাবৃষ্টি আৰু কাল ধুমুহাই বোকাখাত বিধনাসভা সমষ্টিৰ বহুসংখ্যক লোকৰ ৰবি শস্যৰ খেতি, ঘৰ-দুৱাৰকে ধৰি আন আন সা-সম্পত্তিৰ বিস্তৰ ক্ষতিসাধন হোৱাত ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল।
আজি শিলাবৃষ্টি আৰু কাল ধুমুহাত ক্ষতিগ্ৰস্ত হোৱা দুৰ্ভগীয়া পৰিয়াল আৰু কৃষকসকলৰ কাষত থিয় হয় স্থানীয় বিধায়ক তথা কৃষি মন্ত্ৰী অতুল বৰা।
মন্ত্ৰী বৰাই বোকাখাতৰ চক্ৰ বিষয়াকে ধৰি কেইবাজনো চৰকাৰী বিষয়াক লগত লৈ প্ৰাকৃতিক দুৰ্যোগত অধিক ক্ষতিগ্ৰস্ত হোৱা গৃহসমষ্টিৰ এলেকাসমূহ পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয়।
কুৰুৱাবাহী গাঁও পঞ্চায়তৰ অন্তৰ্গত চিনাকান গাঁৱৰ সৰিয়হ, বেঙেনা, জলকীয়া, ৰঙালাওৰ খেতি পথাৰ পৰিদৰ্শন কৰি আৱাসৰ টিনপাটৰ চালিসমূহ অতি দুখঃজনকভাৱে বিনষ্ট হোৱা পৰিয়ালসমূহৰ লগতে কৃষকসকলৰ সৈতে মত বিনিময় কৰাৰ উপৰিও উত্তৰ মহুৰা, দিচৈ, পূব মহুৰা, মধ্য মহুৰা, নুমলীগড়, বিহৰা গাঁও পঞ্চায়তৰ এলেকাধীন অঞ্চলসমূহত গৈ শিলাবৃষ্টি আৰু কাল ধুমুহাত ক্ষতিগ্ৰস্তৰ খবৰ লয়।
শেহতীয়া ধুমুহা-শিলাবৃষ্টিত বিস্তৰ ক্ষতিসাধন হোৱা দিচৈ গাঁও পঞ্চায়তৰ অন্তৰ্গত গুটুং গাঁৱৰ প্ৰায় ১০০০ বিঘা মাটিৰ সৰিয়হ খেতিডৰা পৰিদৰ্শন কৰি মন্ত্ৰী গৰাকীয়ে দুখ প্ৰকাশ কৰাৰ লগতে ক্ষতিগ্ৰস্ত কৃষকসকলক চৰকাৰৰ ফালৰ পৰা সম্ভৱপৰ সকলো সহায়-সহযোগিতা আগবঢ়োৱাৰ আশ্বাস প্ৰদান কৰে।
উল্লেখযোগ্য যে মন্ত্ৰী বৰাই নিজা সমষ্টিৰ শিলাবৃষ্টিত বাসগৃহ ক্ষতিগ্ৰস্ত হোৱা বহুসংখ্যক লোকক সাময়িক সকাহৰ বাবে টিৰ্পালো বিতৰণ কৰে।
লগতে পঢ়ক – #BoycottKFC: কাশ্মীৰৰ ‘সমৰ্থন’ত প’ষ্ট দি বিপদত KFC