সোণাৰি : চৰাইদেউ জিলাৰ অভিভাৱক মন্ত্ৰী তথা অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱকল্যাণ, সাংস্কৃতিক পৰিক্ৰমা, শক্তি আৰু পৰ্যটন বিভাগৰ মন্ত্ৰী বিমল বৰা আৰু অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা, পাৰ্বত্য এলেকা উন্নয়ন আদি বিভাগৰ মন্ত্ৰী যোগেন মহনৰ অংশগ্ৰহণত চৰাইদেউ জিলাৰ চলিত মাহৰ বিভাগীয় পৰ্যালোচনা সভাখন আজি মৰাণ খুমটাইৰ চাউদাঙ ফিছাৰি পাৰ্কত অনুষ্ঠিত হয়।
সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, চৰাইদেউ জিলাৰ উপায়ুক্ত বিনীতা পেগু আৰু চৰাইদেউ জিলাৰ আৰক্ষী অধীক্ষক সুধাকৰ সিঙৰ অংশগ্ৰহণত সম্পন্ন হোৱা এই পৰ্যালোচনা সভাত বিশেষকৈ কৃষি, মীন আৰু জলসিঞ্চন বিভাগৰ সহযোগত “পেডি কাম ফিচ কালচাৰ” পদ্ধতি অৱলম্বন কৰি খেতি কৰাৰ ওপৰত বিস্তৃতভাৱে আলোচনা কৰা হয়।
সভাত প্ৰকাশ কৰা অনুসৰি ইতিমধ্যে চৰাইদেউ জিলাৰ কেইবাটাও স্থানত এই পদ্ধতিৰে খেতি কৰি কৃষক সমাজ লাভাম্বিত হৈছে।
চৰাইদেউ জিলা পৰিষদৰ দ্বাৰা ইতিমধ্যে সম্পন্ন হোৱা আচঁনিসমূহ আৰু অনাগত দিনত জিলাখনত সম্পন্ন হ’বলগীয়া আঁচনিবিলাকৰ কথা আজিৰ সভাত উল্লেখ কৰা হয়।
কণ্ঠশিল্পী বিপিন চাউদাঙৰ ফিছাৰি পাৰ্কত অনুষ্ঠিত হোৱা সভাখনত দুয়োজন মন্ত্ৰীয়ে ভাষণ প্ৰসংগত বিভিন্ন চৰকাৰী আঁচনি সম্বন্ধে উল্লেখ কৰাৰ লগতে স্থানীয় ৰাইজৰ লগত বিভিন্ন বিষয়ত মত বিনিময় কৰে।
মিছন বসুন্ধৰা সম্পৰ্কতো ৰাজহ আদালত অনুষ্ঠিত কৰি মাটি সম্বন্ধীয় বিভিন্ন বিষয়ত বিস্তৃতভাৱে ৰাইজক অৱগত কৰা হয়।
দুয়োজন মন্ত্ৰীয়ে চৰাইদেউ জিলাত বৰ্তমান প্ৰৱৰ্তন হৈ থকা জল জীৱন মিছন আঁচনি সন্দৰ্ভত সংশ্লিষ্ট সকলোকে বিশেষভাৱে গুৰুত্ব প্ৰদান কৰিবলৈ আহ্বান জনায়।
আজিৰ সভাত আদৰণি ভাষণ আগবঢ়াই চৰাইদেউ জিলাৰ উপায়ুক্ত বিনীতা পেগুৱে আৰু শলাগৰ শৰাই আগবঢ়াই কণ্ঠশিল্পী বিপিন চাউদাঙে।