যোগেন মহন

ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী যোগেন মোহনৰ দেহৰক্ষীক নিলম্বন। ছাৰ্ভিছ ৰিভলভাৰ হেৰুৱাই নিলম্বিত হ’ল মন্ত্ৰীগৰাকীৰ দেহৰক্ষী প্ৰসন্ন কলিতা।

২৮ এপ্ৰিলৰ নিশা কৰ্তব্য সমাপ্ত কৰি বেৰেকলৈ উভতাৰ সময়তে প্ৰসন্ন কলিতাই হেৰুৱাই ৰিভলভাৰটো। মন্ত্ৰী যোগেন মোহনে জনোৱা অনুসৰি নিশা কোনোবাই আগুচি ধৰি দেহৰক্ষীজনৰ পৰা কাঢ়ি লৈ যায় ৰিভলভাৰটো।

উল্লেখ্য যে, প্ৰায় ডেৰ বছৰ ধৰি মন্ত্ৰী যোগেন মোহনৰ দেহৰক্ষী হিচাপে আছিল প্ৰসন্ন কলিতা। ইফালে এগৰাকী দেহৰক্ষী ভাল প্ৰশিক্ষণপ্ৰাপ্ত হ’ব লাগে বুলিও আৰক্ষীক অৱগত কৰিছে মন্ত্ৰীগৰাকীয়ে। এনে ধৰনৰ ঘটনাই ভুল মেছেজ যায় বুলি ক’লে মন্ত্ৰী গৰাকীয়ে |

লগতে পঢ়ক ৰাজ্যপালৰ ভাষণত আলফাৰ প্ৰসংগ, এইক্ষেত্ৰত ইতিবাচক দৃষ্টিভংগী পোষণ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply