জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পৰ্যালোচনা সভা

সোণাৰি: চৰাইদেউ জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ত আজি জিলাখনৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ এখন গুৰুত্বপূৰ্ণ পৰ্যালোচনা সভা অনুষ্ঠিত হয়। ৰাজ্যৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী যোগেন মহনৰ উপস্থিতিত অনুস্থিত পৰ্যালোচনা সভাখনত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিষয়া সকল উপষ্ঠিত থাকি বিভাগটোৰ বিগত দিনৰ কামৰ খতিয়ান ডাঙি ধৰে।

বৈঠকত বিভাগটোৰ বিভিন্ন সমস্যা তথা বিভাগটোৱে ৰূপায়ন কৰি থকা বিভিন্ন আঁচনি সম্পৰ্কে বিশদভাৱে আলোচনা কৰাৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ কিছু আঁচনি যেনে- PMKisan, জল জীৱন মিছন আদি সম্পৰ্কেও আলোচনা কৰা হয়।
উক্ত বৈঠকত সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ তথা জিলা উপায়ুক্ত আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিষয়া সকল উপস্থিত থাকে।

লগতে পঢ়ক মানকাচৰত মেঘালয় উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বিশ্বনাথ ছামাদাৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply