গুৱাহাটী : ক’ভিডত আক্ৰান্ত হৈছে অসম চৰকাৰৰ জনসংযোগ বিভাগৰ মন্ত্ৰী পিযুষ হাজৰিকা। বৃহস্পতিবাৰে নিশা মন্ত্ৰী গৰাকীৰ ক’ভিড পজিটিভ ধৰা পৰে।
আজি নিজৰ টুইটাৰ হেণ্ডেলত মন্ত্ৰী গৰাকীয়ে ক’ভিড পজিটিভ ধৰা পৰাৰ কথা সদৰী কৰে।
”কালি মোৰ ক’ভিড পজিটিভ ধৰা পৰে। মোৰ দেহত কিছু লক্ষণ দেখা দিয়াত মই ঘৰতে হ’ম আইচ’লেশ্যনত আছো। যিসকলে মোৰ সংস্পৰ্শত আহিছিল তেওঁলোকক মই উচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছো,’ তেওঁ কয়।
উল্লেখযোগ্য যে মন্ত্ৰী পিযুষ হাজৰিকাই কিছুদিন পূৰ্বে দিল্লী ভ্ৰমণ কৰি আহিছিল।
বৃহস্পতিবাৰে গুৱাহাটীৰ সাংসদ কুইন ওজাৰো ক’ভিড পজিটিভ ধৰা পৰে। চিকিৎসকৰ পৰামৰ্শ অনুসৰি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতালত ভৰ্তি কৰোৱা হৈছে সাংসদগৰাকীক।
লগতে পঢ়ক – ক’ভিড পৰিস্থিতিৰ বাবে ভাৰ্চুৱেল মাধ্যমযোগে সীমিত সংখ্যাক গোচৰৰ শুনানি আৰম্ভ কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে