নিউজ ডেস্ক: দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ চলি থকাৰ সময়তে জাগীৰোড সমষ্টিৰ বিজেপি প্ৰাৰ্থী তথা মন্ত্ৰী পীয়ুষ হাজৰিকাই টেলিফোনত দুই সাংবাদিকক শেষ কৰি দিয়াৰ ভাবুকি দিয়া ঘটনাই সমগ্ৰ ৰাজ্যত তোলপাৰ লগাইছে। ক্ষমতাৰ বলত বলীয়ান মন্ত্ৰীগৰাকীয়ে মৰিগাঁৱৰ দুই সংবাদিক ক্ৰমে নজৰুল ইছলাম আৰু তুলসী মান্তাক বেলেগে বেলেগে ফোন কৰি প্ৰকাশিত বাতৰি এটা সন্দৰ্ভত ভাবুকি দিয়ে। এগৰাকী দায়িত্বশীল মন্ত্ৰীৰ এই ভাবুকিৰ পিছত জীৱনৰ নিৰাপত্তাহীনতাত ভোগা নজৰুল ইছলামৰ লগতে তুলসী মান্তাই টেলিফোনযোগে জিলাৰ আৰক্ষী অধীক্ষকক অৱগত কৰে যদিও নিৰ্বাচনৰ কামত থানাৰ বাহিৰত থকাৰ বাবে জাগীৰোড থানাত সন্ধিয়া দুয়ো গৰাকী সাংবাদিকে লিখিত এজাহাৰ দাখিল কৰে।
আৰু পঢ়কঃ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত ৰাজ্যত হিংসাত্মক ঘটনা, ইভিএম ওলাল বিজেপি প্ৰাৰ্থীৰ গাড়ীত
প্ৰভাৱশালী মন্ত্ৰী পীযুষ হাজৰিকাই সাংবাদিকক টেলিফোনত দিয়া ভাবুকিত তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে গুৱাহাটী প্ৰেছ ক্লাবে।
গুৱাহাটী প্ৰেছ ক্লাবৰ সাধাৰণ সম্পাদক সঞ্জয় ৰায় আৰু সভাপতি মনোজ কুমাৰ নাথে প্ৰেৰণ কৰা এক বিবৃতিত কয় যে ক্ষমতাৰ ৰাগীত মতলীয়া হৈ মন্ত্ৰী গৰাকীয়ে সাংবাদিকক যিধৰণে ভাবুকি দিছে সেয়া গৰিহণাৰ যোগ্য।
মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰো দাবী উত্থাপন কৰে তেওঁলোকে।
সাংবাদিকৰ সুৰক্ষা এতিয়া প্ৰত্যাহ্বানৰ বিষয় হৈ পৰিছে বুলি উল্লেখ কৰি তেওঁলোকে কয় যে ৰাইজৰ প্ৰতিনিধি এগৰাকীৰ এনে আচৰণ সঁচাকৈ ভয়াৱহ আৰু ধিক্কাৰৰ যোগ্য।
অডিঅ’ টেপটো পৰীক্ষা কৰি মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰো দাবী জনায় সম্পাদক ৰায় আৰু সভাপতি নাথে। বিবৃতিটোত গুৱাহাটী প্ৰেছ ক্লাবৰ সম্পাদক আৰু সভাপতিদ্বয়ে ৰাজ্যৰ সকলো প্ৰান্তৰ সাংবাদিকৰ সুৰক্ষা নিশ্চিত কৰিবলৈ চৰকাৰক দাবী জনায়।
দুয়োগৰাকী সাংবাদিকক ভাবুকি দিয়া কাৰ্যত ৰাজ্যৰ বিভিন্ন সংবাদিক সন্থাই তীব্ৰ প্ৰতিবাদ জনোৱাৰ লগতে এই ক্ষেত্ৰত উচিত ব্যবস্থা ল’বলৈ দাবী জনাই ।
আৰু পঢ়কঃ কৰোণা ভাইৰাছত আক্ৰান্ত প্ৰাক্তন ক্ৰিকেটাৰ শচীন তেণ্ডুলকাৰক হস্পিতালত ভৰ্তি কৰা হৈছে