স্মৃতি ৰেখা লাহন,টীয়ক : দুজনকৈ সংবাদ কৰ্মীক অসমৰ ৰাজ্যিক মন্ত্ৰী পিয়ুষ হাজৰিকাই ফোনযোগে মৃত্যুৰ ভাবুকি দিয়া ঘটনাক যোৰহাট জিলা ই মেডিয়াৰ লগতে টীয়ক প্ৰেছ ক্লাৱে তীব্ৰ ভাষাৰে গৰিহণা দি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে। উল্লেখযোগ্য যে অসমত এইদৰে সাংবাদিক নীগ্ৰহৰ ঘটনা সততে ঘটি থাকে যদিও এই ক্ষেত্রত কোনো ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত নহয়।
আজি এই প্ৰতিবাদ কাৰ্যসূচীৰ জৰিয়তে অসমৰ গৃহবিভাগৰ দায়িত্বত থকা সৰ্বানন্দ সোণোৱাল তাৎক্ষণিক ভাৱে ব্যৱস্থা গ্ৰহণৰ দাবী জনাই প্ৰভাৱশালী মন্ত্ৰীজনক আইনৰ আওতাত আনিবলৈ হুংকাৰ প্ৰদান কৰে অন্যথাই এই প্ৰতিবাদ অধিক জংগী ৰূপত কৰি তুলিব বুলি জানিবলৈ দিয়ে। প্ৰতিবাদী কাৰ্যসূচী যোৰহাট জিলা সাংবাদিক সন্থা,আপকুৰ যোৰহাট জিলা সমিতি, আজুৰ যোৰহাট জিলা সমিতি, ছাত্র সন্থা, যুৱ ছাত্র পৰিষদ,চুতীয়া জাতি ছাত্র সন্থা,চাহ জনজাতি অধিকাৰ সংগ্ৰাম সমিতিয়ে অংশগ্ৰহণ কৰি প্ৰতিবাদস্থলীৰ পৰা অসম চৰকাৰক সাংবাদিকৰ সুৰক্ষা প্ৰদানৰ দাবী জনায়।
মন্ত্ৰী পীয়ুষ হাজৰিকাই সাংবাদিকক দিয়া ভাবুকিৰ বিৰুদ্ধে টীয়কত প্ৰতিবাদ
যোৰহাট জিলা ই মেডিয়াৰ লগতে টীয়ক প্ৰেছ ক্লাৱে তীব্ৰ ভাষাৰে গৰিহণা দি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ পালন কৰে
