নিউজ ডেস্ক : অসম আৰক্ষীৰ সুৰক্ষা বেষ্টনীৰ মাজত শিলচৰৰ মিজোৰাম ভৱনৰ পৰা মিজোৰামলৈ গৈ থকা বাহনৰ ওপৰত লাইলাপুৰত আজি অচিনাক্ত দুৰ্বৃত্তই আক্ৰমণ চলোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

মিজোৰাম চৰকাৰৰ এগৰাকী শীৰ্ষ পৰ্য্যায়ৰ বিষয়াই এই কথা সদৰী কৰে। আজি সন্ধিয়া প্ৰায় ৬ বজাত এই ঘটনা সংঘটিত হোৱা বুলি বিষয়া গৰাকীয়ে জানিবলৈ দিয়ে।

‘প্ৰায় ৬ বজাত বাহন বিলাকৰ ওপৰত আক্ৰমণ চলোৱা হয়। অসম আৰক্ষীয়ে আমাৰ মানুহক প্ৰতাৰণা কৰিছে.. যোৱা বছৰ ৩১ অক্টোবৰৰ দিনাখনো তেওঁলোকে একে কাম কৰিছিল। তেওঁলোকে মিজোৰাম ভৱনৰ পৰা মোৰ মানুহক পহৰা দি আনি লাইলাপুৰত উন্মত্ত লোকৰ ওচৰত এৰি দিয়ে,’ বিষয়া গৰাকীয়ে ইষ্টম’জ’ক ফোনত এইদৰে কয়।

মন কৰিবলগীয়া যে আজি আবেলি ৪ বজাত মিজোৰামৰ মন্ত্ৰী লালৰুৱাটকিমাই এক টুইট যোগে অসমৰ কেবিনেট মন্ত্ৰী অশোক সিংঘালে ৩০৬ নং ৰাষ্ট্ৰীয় ঘাইপথত আৱদ্ধ হৈ থকা সকলো বাহনক সীমা পাৰ কৰাই দিয়া হ’ব বুলি আশ্বাস দিয়া বুলি কৈছিল।

আনকি অশোক সিংঘালেও আজি সন্ধিয়া দিয়া এক টুইটত একেধকণৰ কথা কৈছিল।

মিজোৰামৰ বিষয়া গৰাকীয়ে জনোৱা মতে এতিয়ালৈকে তেওঁ কোনো লোক আঘাতপ্ৰাপ্ত হোৱাৰ খবৰ লাভ কৰা নাই।  তেওঁ জনোৱা মতে মিজোৰামৰ ভৱনৰ পৰা ৮ খন গাড়ী মিজোৰামলৈ ওলাই আহিছিল আৰু ইয়াৰে কেইখনমানৰ ওপৰত আক্ৰমণ চলাই ক্ষতিসাধন কৰা হয়। বাহনকেইখনত মুঠ ২৮ গৰাকী লোক আছিল বুলি তেওঁ জানিবলৈ দিয়ে।

লগতে পঢ়ক : Assamese Unlimited – মহিলা আৰু কিশোৰীসকলৰ মাজত আত্মবিশ্বাসৰ বীজ ৰূপন কৰাৰ এক ব্যতিক্ৰমী প্ৰচেষ্টা

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,221 other subscribers

Leave a comment

Leave a Reply