কমাৰগাঁও, চন্দন বৰা: সমগ্ৰ ৰাজ্যৰ লগতে গোলাঘাট জিলাৰ মহুৰামুখত আজি মিচিংসকলে তেওঁলোকৰ কৃষিভিত্তিক উৎসৱ “আলি আয়ে লৃগাং” উদযাপন কৰে।

মহুৰামুখ অঞ্চলৰ চাৰিখন মিচিং অধ্যুষিত গাঁও পঞ্চায়ত দিচৈ, উত্তৰ মহুৰা, দুসুঁতি আৰু গুলুং টেমেৰাৰ মিচিং ৰাইজে নামটেমেৰা গাঁও খেল পথাৰত দিনযোৰা বনাঢ্য কাৰ্যসূচীৰে আলি আয়ে লৃগাং উদযাপন কৰে।

লৃগাং উপলক্ষে ঐয়নিতম আৰু গুমৰাগ নৃত্যত আত্মহাৰা হৈ পৰে মিচিং জীয়ৰী বোৱাৰী।

নামটেমেৰা খেলপথাৰত অনুষ্ঠিত আঞ্চলিক ভিত্তিত লৃগাঙত কৃষি মন্ত্ৰী অতুল বৰা উপস্থিত হৈ গুৰাগ নৃত্যৰ তালে তালে নাচি আত্মসাৰা হোৱা দেখা গ’ল। মন্ত্ৰী বৰাই মৃৰং ঘৰত বহি সোৱাদ ল’লে প:ৰ আপং, পুৰাং আপিনৰ।

ইফালে মন্ত্ৰী বৰাই আলি আয়ে লৃগাঙে বিভিন্ন জাতি জনগোষ্ঠীৰ সমন্বয়ৰ এনাজৰীডাল আধিক মজবুত কৰে বুলি সংবাদ মাধ্যমৰ আগত সদৰি  কৰে। বোকাখাত মহকুমাৰ মহুৰামুখ অঞ্চলৰ অফলা, বৰবালি, ৰঙাগড়া, বৰতল, বৰটিকা, বংকোৱাল, গৰৈমাৰী, চেলেক, টিকিৰাই চাপৰি, পাঠৰী, দুসুতি মুখ, মেদক, ৰিৰি কলিয়াপানী গোটুং আদিকে ধৰি দুকুৰিও অধিক গাঁৱত দিনযোৰা বিভিন্ন কাৰ্যসূচীৰে আলি-আয়-লৃগাং উদযাপন কৰে।

লগতে পঢ়ক – মহানগৰীৰ মালিগাঁৱত মৃতদেহ উদ্ধাৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,019 other subscribers

Leave a comment

Leave a Reply