গুৱাহাটী : ৰক্তাত্ত হৈ পৰিছে অসম-মিজোৰাম সীমান্ত। ৰাজ্য দুখনৰ সীমান্তৰ পৰা অবা শেহতীয়া খবৰ অনুসৰি অসম আৰক্ষীলৈ লক্ষ্য কৰি মিজো দুৰ্বৃত্তই ধাৰাসাৰ গুলীচালনা কৰে। উক্ত গুলীচালনাত অসম আৰক্ষীৰ ৬ জনকৈ জোৱান নিহত হোৱাৰ লগতে ৬৫জন আহত হৈছে।

আহতসকলৰ ভিৰতৰত ৪৫ জনক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে, ইয়াৰ ভিতৰত কাছাৰৰ আৰক্ষী অধীক্ষক নিম্বলকৰ বৈভৱ চন্দ্ৰকান্ত আৰু ধলাই আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া চাহাবউদ্দিন লস্কৰও আছে।

প্ৰাপ্ত তথ্য মতে, মিজো দুৰ্বৃতত্তৰ গুলীত আহত ধলাই আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া চাহাবউদ্দিন লস্কৰৰ অৱস্থা সংকটজনক।

জানিব পৰা মতে কাচাৰ জিলাৰ অসম-মিজোৰাম সীমান্তৰ লায়লাপূৰত এই ঘটনা সংঘটিত হয়। সীমা বিবাদক কেন্দ্ৰ কৰি সৃষ্টি হোৱা এই অগ্নিগৰ্ভৰ পৰিস্থিতিৰ পিছতে এতিয়া দুয়োখন ৰাজ্যৰ মাজত পুনৰ ভাতৃঘাটী সংঘৰ্ষ সৃষ্টি হোৱাৰ আশংকা কৰিছে একাংশ লোকে।

আহত আৰক্ষী বিষয়াসকলক শিলচৰ মেডিকেল কলেজত ভৰ্তি কৰোৱা হৈছে।

ইয়াৰ পিছতে হাইলাকান্দিৰ আৰক্ষী অধীক্ষকক সীমান্তৰ দায়িত্ব দিয়া হৈছে। ইফালে ঘটনাৰ পিছতে সীমান্তলৈ ৰাওনা হৈছে মন্ত্ৰী পীয়ুষ হাজৰিকা। মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসম আৰক্ষীক গুলীচানাৰ নিৰ্দেশ দিছে।

মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসম আৰক্ষীৰ জোৱান কেইজনৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে।

লগতে পঢ়ক : অসম-মিজোৰাম সীমা সমস্যা লৈ দুই মুখ্যমন্ত্ৰীৰ আন এক যুদ্ধ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,006 other subscribers

Leave a comment

Leave a Reply