অসম-মিজোৰাম সীমান্তৰ ঘটনা

গুৱাহাটী : সোমবাৰে অসম-মিজোৰাম সীমান্তত সংঘটিত সংঘৰ্ষত মিজো আৰক্ষীৰ গুলীত আহত হোৱা আন এজন অসম আৰক্ষীৰ জোৱানৰ আজি মৃত্যুক সাবটি লয়। নিহত জোৱানজনক শ্যমাপ্ৰসাদ দুছাট বুলি চিনাক্ত কৰা হৈছে।

প্ৰাপ্ত তথ্য মতে মিজো আৰক্ষীয়ে কৰা গুলীচালনাত দুছাটৰ পেটত গুলী লাগিছিল। ইয়াৰে সৈতে এতিয়া মৃত্যু হোৱা অসম আৰক্ষীৰ জোৱানৰ সংখ্যা ৬ জনলৈ বৃদ্ধি পায়।

আনহাতে, কালিৰ গুলীচালনাত গুৰুতৰভাৱে আহত হোৱা অসম আৰক্ষীৰ গোপেশ্বৰ সিনহা আৰু আশীষ কান্তি দাস নামৰ জোৱান দুজনক উন্নত চিকিৎসাৰ বাবে মঙলবাৰে সন্ধিয়া শিলচৰ মেডিকেল কলেজ হাস্পতালৰ পৰা এয়াৰ এম্বুলেন্স যোগে  গুৱাহাটীলৈ লৈ অনা হয়।

বৰঝাৰ বিমানবন্দৰত উপস্থিত হোৱাৰ পিছত অসম আৰক্ষীৰ আঘাতপ্ৰাপ্ত জোৱান দুজনক এম্বুলেন্স যোগে পোনে পোনে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ লৈ যোৱা হয় বুলি জানিব পৰা গৈছে।

লগতে পঢক : নিয়োগ বাৰ্তা : দুলীয়াজানস্থিত অইল ইণ্ডিয়াত ২৫ টা পদত নিযুক্তি সৃষ্টি

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply