গুৱাহাটী : ক্ৰমাৎ জতিলতাৰ পিনে গতি কৰা অসম-মিজোৰাম সীমা বিবাদক লৈ ৰাজ্য দুখনৰ সীমান্তত শেহতীয়াকৈ পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰাৰ মাজতে বিষয়টোক লৈ এতিয়া ৰাজ্য দুখনৰ দুই মুৰব্বীৰ মাজত বাকযুদ্ধ আৰম্ভ হৈছে।
গৃহ মন্ত্ৰী অমিত শ্বাহে উত্তৰ-পূবৰ ৰাজ্য কেইখনৰ মুখ্য মন্ত্ৰী সকলৰ সৈতে আন্তঃৰাজ্যিক সীমা সমস্যাকে ধৰি একাধিক বিষয়ত আলোচনা কৰাৰ দুদিন পিছতে এন ডি এৰ অংশীদাৰ দুই ৰাজ্যৰ মাজত সৃষ্টি হোৱা সংঘাত বিজেপিৰ বাবে নিশ্চয় বিব্ৰতকৰ।
আজি দিনৰ ১.৫০ বজাত এক মিজোৰামৰ মুখ্য মন্ত্ৰী জোৰামথাংগাই সীমান্তত অসম আৰক্ষী আৰু মিজো লোকৰ মাজত সৃষ্টি হোৱা উত্তপ্ত পৰিস্থিতিৰ এটা ভিডিঅ’ টুইট কৰি কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহক হস্তক্ষেপ কৰিবলৈ অনুৰোধ জনায়।
কাচাৰ হৈ মিজোৰামলৈ আহি থকা সাধাৰণ মিজো লোকৰ বাহনতো দুৰ্বৃত্তই আক্ৰমণ চলোৱা বুলি অভিযোগ কৰি জোৰামথাংগাই ইয়াৰ বাবে অসম আৰক্ষীক জবাবদিহি কৰে।
ইয়াৰ পিছতেই মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উক্ত টুইটৰ প্ৰতিক্ৰিয়া জনাই এক টুইট দিয়ে য’ত তেওঁ মিজোৰামৰ লোকসকলে আইন হাতত তুলি লৈ হিংসা উচটাবলৈ চেষ্টা চলোৱা বুলি অভিযোগ কৰে।
আন এটা টুইটত মুখ্য মন্ত্ৰী শৰ্মাই মিজোৰামৰ কোলাচিব জিলাৰ আৰক্ষী অধীক্ষকে অসমৰ নিৰাপত্তা বাহিনীয়ে সেই স্থান পৰিত্যাগ নকৰালৈকে মিজো জনসাধাৰণে হিংসাত্মক কাৰ্য্য বন্ধ নকৰে বুলি কয়। এনে পৰিস্থিতিত কি দৰে চৰকাৰ চলাব পৰা যাব বুলি প্ৰশ্ন কৰি শীঘ্ৰে মিজোৰামৰ মুখ্য মন্ত্ৰী গৰাকীক বিষয়টোত হস্তক্ষেপ কৰিবলৈ ড০ শৰ্মাই আহ্বান জনায়।
হিমন্ত বিশ্ব শৰ্মাৰ অভিযোগৰ প্ৰত্যুত্তৰত মিজোৰামৰ মুখ্য মন্ত্ৰী গৰাকীয়ে কয় যে গৃহ মন্ত্ৰী অমিত শ্বাহৰ সৈতে হোৱা বৈঠকৰ পিছত অসমৰ আৰক্ষীৰ ২ টা কোম্পানিসহ একাংশ লোকে আজি মিজোৰামৰ ভাইৰেংটে অটো আস্থানত মিজো লোকৰ ওপৰত লাঠিচাৰ্জ কৰাৰ লগতে কন্দুৱা গেছ প্ৰয়োগ কৰে।
অৱশ্যে কিছু সময় পূৰ্বে মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক টুইট যোগে মিজোৰামৰ মুখ্য মন্ত্ৰী গৰাকীৰ সৈতে কথা পতা বুলি সদৰী কৰে আৰু অসমে দুয়োখন ৰাজ্যৰ সীমান্তত শান্তি বাহাল ৰখাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিব বুলি কয়। প্ৰয়োজন হ’লে আলোচনাৰ বাবে তেওঁ মিজোৰামলৈ যাবলৈ সাজু আছে বুলিও শৰ্মাই কয়।
ইয়াৰ পিছতে জোৰামথাংগাই নিজৰ টুইটত তেওঁলোকে কৰা আলোচনাৰ মৰ্মে ভাইৰেংটেৰ পৰা অসম আৰক্ষীক আঁতৰাই নিবলৈ মুখ্য মন্ত্ৰী হিমন্ত বিশ্বক আহ্বান জনায়।
উল্লেখযোগ্য যে দেওবাৰে নিশা কোনো অচিনাক্ত দুৰ্বৃত্তই সীমান্ত অঞ্চলত ৮ টাকৈ মিজো লোকৰ ঘৰ জ্বলাই দিছিল, ইয়াৰ পিছতে দুয়োখন ৰাজ্যৰ মাজত পুনৰ পৰিস্থিতি অধিক উত্তপ্ত পৰে।
লগতে পঢ়ক : অসম-মিজোৰাম সীমান্ত পুনৰ উত্তপ্ত পৰিস্থিতি; অচিনাক্ত দুৰ্বৃত্তই জ্বলাই দিলে ৮টাকৈ ঘৰ