লাইলাপুৰৰ হিংসাত্মক ঘটনা

অসম মিজোৰাম সীমান্তত মিজোৰাম আৰক্ষীয়ে স্বয়ংক্ৰিয় অস্ত্ৰশস্ত্ৰৰে আক্ৰমণ চলাই ৬ জনকৈ অসম আৰক্ষীৰ জোৱানক হত্যা কৰাৰ পিছতো বিশেষ গুৰুত্ব নাই কেন্দ্ৰীয় চৰকাৰৰ ।

কালি কেন্দ্ৰীয় গৃহ মন্ত্ৰনালয়ে আয়োজন কৰা বৈঠকত দুয়ো পক্ষই বন্ধুত্বপূৰ্ণভাৱেৰে সমাধান কৰা হ’ব অসম-মিজোৰাম সীমা সমস্যাত একমত হয় দুয়োখন চৰকাৰ।
বিবদমান অঞ্চলত নিৰপেক্ষ কেন্দ্ৰীয় বাহিনী মোতায়েন কৰাৰ পক্ষপাতি দুয়োখন ৰাজ্যৰ চৰকাৰ।
৩০৬ নং ঘাইপথতো থাকিব চিএপিএফ বাহিনী।
বিবদমান অঞ্চলত কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী মোতায়েন কৰা হ’ব।
গৃহ বিভাগে এই সিদ্ধান্ত লোৱাৰ বিপৰীতে মিজোৰাম পুলিচৰ বৰ্বৰতাপূৰ্ণ কাৰ্যৰ বাবে একোৱেই সিদ্ধান্ত নললে ।

অসম আৰক্ষীয়ে ৬ জনকৈ অসম আৰক্ষীৰ লোকক গুলীয়াই হত্যা কৰা ঘটনাৰ সৈতে জড়িতসকলৰ ফটো প্ৰকাশ কৰি ইয়াৰ তথ্য জনোৱা জনক ৫ লাখ টকা দিয়াৰ কথা ঘোষণা কৰিছে ।

লগতে পঢ়ক পি ভি সিন্ধু , বক্সাৰ সতীশ কুমাৰ কোৱাটাৰ ফাইনেলত

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,988 other subscribers

Leave a comment

Leave a Reply