শিলচৰ : সোমবাৰে অসম-মিজোৰাম সীমান্তত মিজোৰামৰ আক্ৰমণত নিহত ৬ আৰক্ষী জোৱানৰ পৰিয়াললৈ বিশেষ আৰ্থিক সাহায্য ঘোষণা কৰিছে ৰাজ্য চৰকাৰে। আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সীমান্তৰ শ্বহীদসকললৈ শ্ৰদ্ধাঞ্জলি জনাই শিলচৰত এই কথা ঘোষণা কৰে।
শ্বহীদ প্ৰতিগৰাকী জোৱানৰ পৰিয়ালক ৫০ লাখ টকাকৈ দিব চৰকাৰে। শ্বহীদৰ পৰিয়ালৰ এজনকৈ লোকক চাকৰিও দিব চৰকাৰে। আনহাতে আহত ৪২ জন লোকক ৰাজ্য চৰকাৰৰ তৰফৰ পৰা এক লাখকৈ টকাৰ সাহায্য দিব বুলি ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে।
উল্লেখ্য যে সোমবাৰে মিজোৰামৰ তৰফৰ পৰা হোৱা ভয়ানক গুলীবৰ্ষণৰ ঘটনাত অসম আৰক্ষীৰ ৬ জোৱান শ্বহীদ হোৱাৰ লগতে ৪২ জন জোৱান আহত হৈছে।
ইয়াৰ উপৰিও বৰ্তমান মিজোৰাম সীমান্ত কৰ্মৰত সকলো আৰক্ষীলৈ এমাহৰ অতিৰিক্ত দৰমহা দিয়াৰ কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে ।
যোৱা ৬ মাহৰ পৰা মিজোৰামে সীমান্তৰ অসমৰ সীমাৰ ভিতৰৰ মাটি দখল কৰিবৰ বাবে চেষ্টা চলাই অহাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয়, মিজোৰামে দখল কৰা অসমৰ মাটিৰ পৰা তেওলোকক আতৰাই পঠিওৱা হৈছে ।
কালিৰ ঘটনাৰ সময়ত মিজোৰামৰ মুখ্যমন্ত্ৰীৰ সৈতে টেলিফোনত আলোচনা কৰি থকাৰ মাজতেই অসমৰ ভূমিত থকা অসম আৰক্ষীৰ ওপৰত মিজোৰাম পুলিচে স্বয়ংক্ৰিয় অস্ত্ৰশস্ত্ৰৰে আক্ৰমন কৰা হৈছিল । সেই সময়তেই মিজোৰামৰ মুখ্যমন্ত্ৰীক অবগত কৰাত তেও sorry: বুলি কোৱাৰ পিছত আজিলৈকে কোনো ধৰনৰ যোগাযোগ নাই বুলি জনাই মুখ্যমন্ত্ৰীয়ে ।
অসম মিজোৰাম সীমান্তৰ সংৰক্ষিত বনাঞ্চলৰ লগতে সীমান্তৰ সুৰক্ষাৰ বাবে শীঘ্ৰেই তিনিটা কামান্ডো বেটেলিয়ান কোম্পানী নিযুক্তিৰ বাবে চৰকাৰে সিদ্ধান্ত লৈছে বুলি মুখ্যমন্ত্ৰীয়ে জনাই ।
মিজোৰামে সীমান্তৰ সংৰক্ষিত বনাঞ্চল ধ্বংস কৰাৰ কথাও ক’লে মুখ্যমন্ত্ৰীয়ে । কেন্দ্ৰীয় গৃহ মন্ত্ৰনালয়ে সমগ্ৰ বিষয়টোৰ ওপৰত চোকা নজৰ ৰখাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় অসম আৰক্ষী বিতৰ্কিত স্থানৰ পৰা আতৰি আহিছে যদিও মিজোৰাম আৰক্ষী এতিয়াও উক্ত স্থানতেই আছে ।
ম্যানমাৰৰ পৰা মিজোৰামৰ সীমাত প্ৰবেশ কৰা প্ৰায় ১০ হাজাৰ লোক ডিমাহাছাও সীমাত সোমাবলৈ চেষ্টা কৰি আহিছে যদিও অসম চৰকাৰে অনুমতি দিয়া নাই । অসমৰ সীমালৈ স্বয়ংক্ৰিয় অস্ত্ৰশস্ত্ৰ লৈ কেনেদৰে সাধাৰন লোক আহিল সেই সম্পৰ্কেও তদন্ত কৰিব বুলি ক’লে মুখ্যমন্ত্ৰীয়ে ।
লগতে পঢ়ক লাইলাপুৰত আত্মবলিদান দিয়া ৬গৰাকী আৰক্ষী জোৱানলৈ শেষ শ্ৰদ্ধাঞ্জলি মুখ্যমন্ত্ৰীৰ