শ্বহীদলৈ শেষ শ্ৰদ্ধাঞ্জলি

শিলচৰ : শিলচৰ মেডিকেল কলেজত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। অসম-মিজোৰাম সীমান্তৰ লাইলাপুৰৰ সংঘৰ্ষত আহত আৰক্ষী জোৱানৰ স্বাস্থ্যৰ বুজ ললে মুখ্যমন্ত্ৰীয়ে । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ভৰিত ধৰি হুকহুকাই কান্দিলে আৰক্ষী জোৱানৰ আত্মীয়ই ।

লাইলাপুৰৰ সংঘৰ্ষত মৃতকৰ সংখ্যা ৭ জনলৈ বৃদ্ধি পোৱাৰ লগতে ৫ জোৱানৰ অৱস্থা সংকটজনক ।নিহত আৰক্ষী জোৱান কেইজন ছামছুদ জামান, স্বপন কুমাৰ ৰায়, মাজৰুল হক, লিটন শুক্লবৈদ্য, সমুজ্জল বৰভূঞা আৰু নজৰুল লস্কৰ।আনহাতে মিজোৰ আক্ৰমনত নিহত হৈছে আন এজন ব্যক্তি।নিহত এই ব্যক্তিজনক এতিয়াও চিনাক্ত কৰিব পৰা হোৱা নাই।গোটেই ঘটনাৰ বুজ লবলৈ নিশাই শিলছৰত উপস্থিত মন্ত্ৰী পিয়ুষ হাজৰিকা।ইফালে সীমান্তৰ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ অসমৰ ১১৯ নং বেটেলিয়ান মিজোৰামৰ ২২৫ নং বেটেলিয়ান মোতায়েন কৰা হৈছে ।

শিলচৰ মেডিকেল কলেজত মুখ্যমন্ত্ৰীৰ সন্মুখতে অচেতন হৈ ঢলি পৰিল আহত আৰক্ষী জোৱানৰ পত্নী । লগে লগে এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হয় । মুখ্যমন্ত্ৰীৰ তৎপৰতাত মহিলাগৰাকীক চিকিৎসাৰ বাবে লৈ যোৱা হয় ।

অসম-মিজোৰাম সীমান্তৰ লাইলাপুৰত সোমবাৰে মিজোৰ গুলীত ৭ জনকৈ ব্যক্তি নিহত হোৱাৰ লগতে ৭০ জনতকৈ অধিক লোক আহত হোৱাৰ ঘটনা সংঘটিত হৈছিল। মিজোৰ এই আক্ৰমণত অসম আৰক্ষীৰ জোৱানৰ লগতে গুৰুত্বৰভাৱে আহত হৈছিল কাছাৰ জিলাৰ আৰক্ষী অধীক্ষক বৈভৱ নিম্বলকাৰ।
আৰক্ষী অধিক্ষকগৰাকীৰ দেহত লাগিছিল মিজোৰ গুলী।সংকটজনক অৱস্থাত শিলচৰ মেডিকেল কলেজৰ আই চি ইউত চিকিৎসাধীন হৈথকা আৰক্ষী অধিক্ষকজনৰ উৰুত এক অস্ত্ৰেপচাৰ কৰাৰ প্ৰয়োজন। জানিব পৰা মতে আৰক্ষী অধিক্ষকগৰাকীৰ পৰিয়ালে নিজৰ গৃহ ৰাজ্য মুম্বাইত এই অস্ত্ৰোপচাৰ কৰিবলৈ বিচাৰিছে। সেয়েহে পৰিয়ালৰ ইচ্ছা অনুসৰি আৰক্ষী অধীক্ষকগৰাকীক মুম্বাইলৈ এয়াৰ লিফ্ট কৰাৰ সম্ভাৱনা আছে।

লগতে পঢ়ক কোৱাটাৰ ফাইনেল লৈ আগবাঢ়িল লাভলীনা

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply